ISHAN NEWS – Always One Step Ahead of Time…

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক

0 10,911

দুৰ্ঘটনাত পতিত হৈছে শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক লাহিৰু থিৰিমানে। অনুৰাধাপুৰৰ থিৰাপন্নে অঞ্চলৰ সমীপত দুৰ্ঘটনাত পতিত হয় ক্ৰিকেটাৰগৰাকী।

এখন মিনি ট্ৰাকৰ সৈতে তেওঁৰ গাড়ীখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত ক্ৰিকেটাৰগৰাকী অহা বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আশে-পাশে থকা স্থানীয় লোকে ক্ৰিকেটাৰগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। তেওঁৰ আঘাত গুৰুতৰ নহয় বুলি হাস্পতাল কৰ্তৃপক্ষই জানিব দিয়ে।

লাহিৰু থিৰিমানেই বৰ্তমান লীজেণ্ডছ ক্ৰিকেট ট্ৰফী ২০২৪ত নিউয়ৰ্ক ষ্ট্ৰাইকাৰ্ছৰ হৈ খেলি আছিল। নিউয়ৰ্ক ষ্ট্ৰাইকাৰ্ছে এক বিবৃতিযোগে জনাই যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত থিৰিমানেৰ লগত তেওঁৰ পৰিয়ালো আছিল। অৱশ্যে কোনো লোকৰে আঘাত গুৰুতৰ নহয়।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল লাহিৰু থিৰিমানেই। বাওঁহতীয়া বেটাৰগৰাকীয়ে দলৰ পৰা উপেক্ষিত হোৱাৰ পিছতে অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

২০১০ চনত ভাৰতৰ বিৰুদ্ধে এদিনীয়া মেচ খেলি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল লাহিৰু থিৰিমানেই। তেওঁৰ নেতৃত্বতে ২০১৪ চনত শ্ৰীলংকা ক্ৰিকেট দলে এছিয়ান গেমছত চেম্পিয়ন হৈছিল।

Leave A Reply

Your email address will not be published.