ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনৰ পূৰ্বে সস্তা হ’ল পেট্ৰ’ল-ডিজেল; গুৱাহাটীত কিমান হ্ৰাস পালে মূল্য?

0 854

লোকসভা নিৰ্বাচন ঘোষণাৰ পূৰ্বে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস পালে ইয়াৰ মূল্য। সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ সময় ওচৰ চাপি অহাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এই হ্ৰাসৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৪.৭২ টকা হ’ব, যিটো আছিল প্ৰতি লিটাৰত ৯৬.৭২ টকা। আনহাতে ডিজেল ৮৭.৬২ টকাত উপলব্ধ হ’ব।

আজিৰ পৰা কাৰ্যকৰী হৈছে নতুন মূল্য। নতুন নিৰীখ অনুসৰি গুৱাহাটীত আজিৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.১৭ টকা। আনহাতে প্ৰতি লিটাৰ ডিজেল লাভ কৰিব ৮৮.৪১ টকাত।

ইফালে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰা সন্দৰ্ভত এজন সাধাৰণ লোকে সংবাদ মাধ্যমৰ আগত কয়, ‘নিৰ্বাচন আহি আছে, এতিয়া আৰু বহু বস্তু সস্তা হ’ব…! এতিয়া গেছ চিলিণ্ডাৰ আৰু চিএনজি সস্তা হৈ পৰিছে। নিৰ্বাচনৰ পিছত আকৌ এবাৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাব পাৰে। যদি ২ টকা কমাই ১০ টকা বৃদ্ধি কৰা হয়, তেন্তে আমি কেনেকৈ সন্তুষ্ট হম। কেৱল নিৰ্বাচনৰ বাবেই এই পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস পাইছে’।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সময় ওচৰ চাপি অহাৰ লগে লগে বৃহস্পতিবাৰে সন্ধিয়া ৰাজহুৱা খণ্ডৰ পেট্ৰলিয়াম মাৰ্কেটিং কোম্পানীসমূহে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ২ টকাকৈ হ্ৰাস কৰে।

Leave A Reply

Your email address will not be published.