ISHAN NEWS – Always One Step Ahead of Time…

কাৰাগাৰত বন্দী আছাৰামলৈ ডাঙৰ সকাহ; উচ্চ ন্যায়ালয়ে দিলে এই সিদ্ধান্ত

0 310

ধৰ্ষণৰ গোচৰত দীৰ্ঘ দিনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা আছাৰামে যোধপুৰ উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পাইছে। উচ্চ ন্যায়ালয়ে আছাৰামক মুম্বাইত চিকিৎসা গ্ৰহণৰ অনুমতি প্ৰদান কৰিছে।

যোধপুৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীনেশ মেহতা আৰু ন্যায়াধীশ বিনীত কুমাৰ মাথুৰৰ বিচাৰপীঠে এই সিদ্ধান্ত দিয়ে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ বাবে কাৰাগাৰত চিকিৎসা সঠিকভাৱে কৰা হোৱা নাই বুলি আদালতত আবেদন জনাইছিল। তেওঁক চিকিৎসাৰ বাবে বাহিৰলৈ পঠিয়াব লাগে বুলিও আবেদনত উল্লেখ কৰিছিল।

এই আবেদন সন্দৰ্ভত ৰায়দান প্ৰদান কৰি বিচাৰপীঠে আছাৰামৰ চিকিৎসা মুম্বাইত কৰাবলৈ সিদ্ধান্ত দিয়ে। আদালতে দিয়া সিদ্ধান্ত অনুসৰি এয়াৰ এম্বুলেন্সৰ সহায়ত মুম্বাইলৈ প্ৰেৰণ কৰা হ’ব আছাৰামক।

এই সময়ছোৱাত আৰক্ষী অধীক্ষক ৰেংকৰ এজন বিষয়া আৰু চাৰিজন আৰক্ষীক তেওঁৰ সৈতে প্ৰেৰণ কৰা হ’ব। চিকিৎসালয়ত চিকিৎসাৰ সময়ত আছাৰামৰ লগত থাকিব আটাইকেইজন। চিকিৎসাৰ অন্তত তেওঁক পুনৰ জেললৈ অনা হ’ব।

Leave A Reply

Your email address will not be published.