ছত্তীশগড়ৰ কাংকেৰত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত পুনৰ ভয়াৱহ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত এজন মাওবাদী নিহত হৈছে।
অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে ঘটনাস্থলৰ পৰা মৃতদেহৰ লগতে বিভিন্ন অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰে।
জানিব পৰা অনুসৰি, ডি আৰ জি আৰু বি এছ এফৰ এটা যুটীয়া দল কয়ালিবেৰা থানা এলেকাৰ কেম্প চিলপাৰাছৰ পৰা নক্সাল অভিযানলৈ ৰাওনা হৈছিল।
অভিযানৰ সময়তে শনিবাৰে প্ৰায় ১১:৩০ বজাত গাঁও কাকনাৰৰ অৰণ্যত নিৰাপত্তাৰক্ষী দল আৰু মাওবাদীৰ মাজত সংঘৰ্ষ হয়। দুয়োপক্ষৰ মাজত চলা দীঘলীয়া সংঘৰ্ষত এজন সামৰিক পোছাক পৰিহিত মাওবাদী নিহত হয়।
অঞ্চলটোত তালাচী চলাই নিহত নক্সালবাদীজনৰ মৃতদেহ, এটা ষ্টেন গান, বিস্ফোৰকৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। মৃত মাওবাদীজনৰ পৰিচয় এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই।
অঞ্চলটোত এতিয়াও আৰক্ষী বাহিনী, বি এছ এফ, ডি আৰ জিৰ দ্বাৰা তালাচী অভিযান অব্যাহত ৰাখিছে।