ISHAN NEWS – Always One Step Ahead of Time…

প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ৫৮ বছৰীয়া মাতৃয়ে জন্ম দিলে পুত্ৰ সন্তান

0 5,820

পঞ্জাৱী সংগীতজগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, নাম সিদ্ধ মুছেৱালা। ২০২২ চনৰ২৯ মে’ত মুছেৱালাক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। মুছেৱালাৰ মৃত্যুৰ পিছত শোকত ভাগি পৰিছিল পিতৃ-মাতৃ। তাৰ পাছতেই তেওঁলোকে ল’লে এটা ডাঙৰ সিদ্ধান্ত।

সিদ্ধুৰ মৃ্ত্যুৰ প্ৰায় দুবছৰ পিছত তেওঁলোকৰ ঘৰখনলৈ নামি আহিল আনন্দৰ বন্যা। পূৰণ হ’ল মুছেৱালাৰ ঠাই। সিদ্ধুৰ মাতৃ চৰণ কৌৰে ৫৮ বছৰ বয়সত জন্ম দিলে এটি পুত্ৰ সন্তান। ছ’চিয়েল মিডিয়াত এই বাৰ্তা দিলে সিদ্ধুৰ পিতৃ বালকৌৰ সিঙে।

ইনষ্টাগ্ৰামত পিতৃয়ে শ্বেয়াৰ কৰিলে নৱজাতকৰ ফটো। ফটোখনত শিশুটিক কোলাত লৈ থকাৰ বিপৰীতে কাষতে আছে সিদ্ধু মুছেৱালাৰ ফটো। যত লিখা আছে  LEGENDS NEVER DIE।

পিতৃয়ে ফটোখন শ্বেয়াৰ কৰি পাঞ্জাৱী ভাষাত কেপচনত লিখিছে, ‘শুভদীপৰ লাখ-লাখ অনুৰাগীৰ আশীৰ্বাদত ভগবানে আমাক শুভৰ সৰু ভায়েকক দিছে। ৱাহিগুৰুৰ কৃপাত আমাৰ পৰিয়ালটো সুস্থ আৰু আমাক মৰম কৰা সেইসকল লোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলো।‘

সন্তান জন্ম দিবলৈ সিদ্ধুৰ পিতৃ-মাতৃয়ে সহায় লৈছিল পদ্ধতিৰ। সুৰক্ষাজনিত কাৰণত হাস্পতাল আৰু ঠাইৰ নাম গোপনে ৰাখিছে। সঁচাকৈয়ে সিদ্ধু মুছেৱালাৰ ওপৰত আছে ভগৱানৰ অশেষ কৃপা। তেওঁলোকৰ মুখলৈ পুনৰ ঘূৰি আহিছে হাঁহিৰ খোৰাক।

Leave A Reply

Your email address will not be published.