ভাঙি পৰিল ৫ মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, আৱদ্ধ বহু লোক
পাঁচমহলীয়া নিৰ্মাণৰত অট্টালিকা ভাঙি প্ৰাণ গ’ল দুজন লোকৰ। দেওবাৰে নিশা পশ্চিমবংগত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
কলকাতাৰ জনবহুল গাৰ্ডেন ৰিচ অঞ্চলস্থিত অট্টালিকাটো ভাঙি পৰাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহু লোক আহত হয়। বৰ্তমানলৈ ২০ জন লোকক ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
অভিযোগ অনুসৰি অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল অট্টালিকাটো। ঘটনাস্থলত আৰক্ষীৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈ ঘটনাৰ নিৰপেক্ষ তদন্ত কৰা হ’ব বুলি স্থানীয় লোকক আশ্বাস প্ৰদান কৰে।
আনহাতে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে বংগ চৰকাৰে। ইফালে আহতসকলক ১ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা মেয়ৰ ফিৰহাদ হাকিমৰ।
ঘটনাস্থলীত উপস্থিত থকা কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱালৰ নিৰীক্ষণত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান।