ISHAN NEWS – Always One Step Ahead of Time…

বিহাৰত NDA-ৰ আসন ভাগ-বাটোৱাৰা;  জানো আহক BJP, JDU দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা?

0 163

লোকসভা নিৰ্বাচনৰ বাবে বিহাৰত নেচনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ সহযোগী দলৰ মাজত আসন ভাগ-বাটোৱাৰা সম্পন্ন হৈছে। পাঁচটা দলৰ মাজত হোৱা মিত্ৰতা অনুসৰি বিজেপি দলে ১৭ খন, জে ডি ইউ দলে ১৬ খন, চিৰাগ পাছৱানৰ দলে ৫ খন, জীতন ৰাম মাঝিৰ দল আৰু উপেন্দ্ৰ কুশৱাহাৰ দলে এখন-এখন আসন লাভ কৰিছে।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰছৰ দলক এন ডি এৰ তৰফৰ পৰা এখনো আসন দিয়া হোৱা নাই।

বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া সমষ্টি কেইটা

ঔৰংগাবাদ, মধুবনী, আৰয়াৰিয়া, দৰভংগা, মুজাফ্ফৰপুৰ, মহাৰাজগঞ্জ, সাৰণ, উজিয়াৰপুৰ, বেগুছৰাই, নৱাদা, পাটনা চাহিব, পাটলিপুত্ৰ, আৰাহ, বক্সাৰ, ছাছাৰাম, পূব চম্পাৰণ আৰু পশ্চিম চম্পাৰণ।

জে ডি ইউয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া সমষ্টি কেইটা

বাল্মিকীনগৰ, সীতামঢ়ী, ঝাংঝাৰপুৰ, সুপৌল, কিষানগঞ্জ, কাটিহাৰ, পূৰ্ণিয়া, মধেপুৰা, গোপালগঞ্জ, ছিৱান, ভাগলপুৰ, বাংকা, মুংগেৰ, নালন্দা, জেহানাবাদ আৰু শিৱহৰ।

এ জে পি (ৰাম বিলাস) দলে লাভ কৰা সমষ্টি

বৈশালী, হাজীপুৰ, সমষ্টিপুৰ, খগড়িয়া আৰু জমুই

ইফালে জীতন ৰাম মাঝিয়ে লাভ কৰিছে গয়া আসনখন। আনহাতে উপেন্দ্ৰ কুশৱাহাৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব কাৰাকাটা সমষ্টিৰ পৰা।

Leave A Reply

Your email address will not be published.