ISHAN NEWS – Always One Step Ahead of Time…

আসন নিদিয়াক লৈ ক্ষোভ; মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ

0 180

বিহাৰত আসন ভাগ-বাটোৱাৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰছে মোদী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে। মঙলবাৰে দিল্লীত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে পাৰছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে পাৰছে। দৰাচলতে সোমবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা আসন ভাগ-বাটোৱাৰাত পশুপতি পাৰছৰ দলে বিহাৰত এখনো আসন লাভ কৰা নাছিল আৰু তাৰ পাছতেই তেওঁ এন ডি এ ত্যাগ কৰিব বুলি অনুমান কৰা হৈছিল।

দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পশুপতি কুমাৰ পাৰছে কয় যে মই বিহাৰত আসনৰ বাবে অপেক্ষা কৰিছিলো। কালি আসন সন্দৰ্ভত ঘোষণা হৈ গ’ল। মই সততাৰে এন ডি এৰ সেৱা কৰিছিলো। প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো। কেবিনেট মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছো।

সংবাদমেলখনত অৱশ্যে পশুপতি পাৰছে আগন্তুক নিৰ্বাচনৰ বাবে কোনটো শিবিৰত যোগদান কৰিব সেই বিষয়ে একো উল্লেখ কৰা নাই।

Leave A Reply

Your email address will not be published.