ISHAN NEWS – Always One Step Ahead of Time…

CAA সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

0 134

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা CAA-ৰ বিৰুদ্ধে দাখিল কৰা ২০০ৰো অধিক আবেদনৰ শুনানি আজিৰে পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হৈছে। বৰ্তমান উচ্চতম ন্যায়ালয়ে CAA ৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰে।

অৱশ্যে তিনি সপ্তাহৰ ভিতৰত CAA সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে আদালতে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে যে অধিসূচনা নিষেধাজ্ঞাৰ দাবীত দাখিল কৰা আবেদনৰ উত্তৰ দিবলৈ কিমান সময়ৰ প্ৰয়োজন।

কেন্দ্ৰৰ হৈ আদালতত উপস্থিত থকা ছলিচিটৰ জেনেৰেলে ৪ সপ্তাহৰ সময় বিচাৰিছিল। অৱশ্যে আদালতে কেন্দ্ৰক উত্তৰ দাখিল কৰিবলৈ তিনি সপ্তাহৰ সময় দিয়ে। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি ৯ এপ্ৰিলত হ’ব।

আবেদনকাৰীৰ মাজৰ পৰা এজনৰ হৈ অধিবক্তা কপিল ছিব্বালে কেন্দ্ৰীয় চৰকাৰক উত্তৰৰ বাবে দিয়া সময়ৰ বিৰোধিতা কৰে। আনহাতে আবেদনকাৰীৰ হৈ উপস্থিত থকা আন এগৰাকী অধিবক্তা ইন্দিৰা জয়সিংহই CAA বাতিল কৰাৰ দাবী জনায়।

ইফালে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয় যে ইতিমধ্যে জাৰি কৰা নিৰ্দেশ অনুসৰি অসমৰ গোচৰসমূহ পৃথকে পৃথকে শুনানি গ্ৰহণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.