ISHAN NEWS – Always One Step Ahead of Time…

৫৮ বছৰত সন্তান জন্ম দি চৰকাৰৰ ৰোষত সিদ্ধু মুছেৱালাৰ পিতৃ-মাতৃ

0 624

প্ৰয়াত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰে ৫৮ বছৰত এটি পুত্ৰ সন্তানৰ মাতৃ হোৱা বিষয়টোৱে দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। এই খবৰটো বহুতৰ বাবে আছিল আশ্বৰ্যকৰ।

প্ৰকৃততে মুছেৱালাৰ মাতৃয়ে আই ভি এফ পদ্ধতিৰে গৰ্ভৱতী হৈছিল। কিন্তু মুছেৱালাৰ মাতৃয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ পিছতেই এতিয়া স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পঞ্জাৱ চৰকাৰক বিশেষ জাননী জাৰি কৰিছে।

আই ভি এফ প্ৰযুক্তিৰ জৰিয়তে জন্ম হোৱা শিশুৰ আইন সন্দৰ্ভত পঞ্জাৱ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰীলয়ে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি স্বাস্থ্য মন্ত্ৰালয়ে পঞ্জাৱ চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰে, ‘সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) আইন-২০২১ বা ART (Regulation)ৰ ২১ (জি) ধাৰাত এ আৰ টি সেৱা গ্ৰহণ কৰা মহিলাৰ বাবে নিৰ্ধাৰণ কৰা বয়সৰ সীমা ২১ -৫০ বছৰৰ ভিতৰত থাকে। গতিকে বিষয়টো চোৱাচিতা কৰি এই অনুসৰি এই বিষয়ত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন বিভাগত দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ’ল’।

উল্লেখ্য যে, সিদ্ধু মুছেৱালাৰ প্ৰকৃত নাম আছিল শুভদ্বীপ সিং সিদ্ধু। হত্যাৰ প্ৰায় দুবছৰৰ পাছত অৰ্থাত ১৮ মাৰ্চত তেওঁৰ মাতৃ চৰণ কৌৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে। দেওবাৰে মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে ইনষ্টাগ্ৰামৰ জৰিয়তে নৱজাতকটিৰ ফটো শ্বেয়াৰ কৰি তেওঁলোক পিতৃ-মাতৃ হোৱা বুলি ৰাজহুৱা কৰিছিল।

ইফালে চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে মুছেৱালাৰ পিতৃয়ে জেৰাৰ সন্মুখীন হয়। শেহতীয়াকৈ বালকৌৰ সিঙে এক ভিডিঅ’ৰ জৰিয়তে দুখ প্ৰকাশ কৰি কয়, ‘মাত্ৰ দুদিন পূৰ্বে ঈশ্বৰৰ কৃপা আৰু আপোনালোকৰ প্ৰাৰ্থনাত আমি ধন্য হৈছিলো, আৰু শুভদ্বীপ আমাৰ মাজলৈ ঘূৰি আহিছে। অৱশ্যে ৰাতিপুৱাৰ পৰাই অস্বস্তিত পৰিছো। চৰকাৰে মোক শিশুটিৰ আইনী মৰ্যাদা প্ৰমাণ কৰিবলৈ নথি-পত্ৰ দিবলৈ কৈছে। এই সন্দৰ্ভত মোক জেৰা কৰা হৈছে। চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী ভগৱন্ত মানক অনুৰোধ জনাও যে অনুগ্ৰহ কৰি চিকিৎসা সম্পূৰ্ণ হ’বলৈ দিয়ক। মই পঞ্জাৱতে থাকো আৰু প্ৰয়োজন হ’লেই আহিম। অনুগ্ৰহ কৰি প্ৰথমে চিকিৎসা সম্পূৰ্ণ কৰাত অগ্ৰাধিকাৰ দিয়ক’।

আইনৰ প্ৰতি সন্মান জনাই যিকোনো প্ৰকাৰৰ তদন্তৰ বাবে সাজু থকা বুলিও পিতৃয়ে ভিডিঅ’টোত উল্লেখ কৰে।

উল্লেখ্য যে, ২০২২ চনৰ ২৯ মে’ত পঞ্জাৱৰ মানসা জিলাত দুৰ্বৃত্তই পঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা ৰেপাৰ মুছেৱালাক গুলীয়াই হত্যা কৰিছিল।     

Leave A Reply

Your email address will not be published.