এঘৰী যুঁজিবলৈ সাজু AAP; ২৩ মাৰ্চত অসমলৈ আহিব আতিশী মাৰ্লেনা
লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহে ক্ষীপ্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে অহা ২৩ মাৰ্চত অসমলৈ আহিব আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰী আতিশী মাৰ্লেনা।
আজি অসমৰ গুৱাহাটীৰ গণেশগুৰিস্থিত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেলযোগে এই কথা সদৰী কৰে দলৰ জ্যেষ্ঠ নেত্ৰী তথা মুখপাত্ৰ অনুৰূপা ডেকাৰজাই।
সংবাদমেলখনত ডেকাৰজাই জানিব দিয়া অনুসৰি, আপৰ কেন্দ্ৰীয় নেত্ৰী আতিশীয়ে ২৩ মাৰ্চৰ দিনটোত ডিব্ৰুগড়স্থিত পুষ্কৰ সৰোবৰ পৰ্টিক’ত অনুষ্ঠিত হ’বলগীয়া এখন সভাত অংশগ্ৰহণ কৰিব।
এই সভাখনতে আপৰ কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে অসমত আপে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুটা সমষ্টি ক্ৰমে ডিব্ৰুগড় আৰু শোণিতপুৰৰ বাবে মুকলি কৰিব আপৰ গেৰাণ্টী কাৰ্ড।
এই সভাৰ পিছতে আতিশীয়ে আবেলীৰ ভাগত তিনিচুকীয়াত আন এখন সভাত অংশ ল’ব বুলি অনুৰূপা ডেকাৰজাই জানিব দিয়ে। এই সভাখনত আপৰ কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ বিশিষ্ট বুদ্ধিজীৱি আৰু শিক্ষাবিদসকলৰ সৈতে আলোচনাত মিলিত হ’ব।
আতিশীৰ উপৰি পৰৱৰ্তী সময়ত ৰাজ্যখনলৈ আপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আৰু বহুতো কেন্দ্ৰীয় নেতা-নেত্ৰী আহিব বুলিও সংবাদমেলখনত উল্লেখ কৰে অনুৰূপা ডেকাৰজাই।
কেন্দ্ৰীয় নেতৃত্বৰ ভিতৰত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, সাংসদ ৰাঘৱ চাড্ডা, সৌৰভ ভৰদ্বাজৰ উপৰি দলটোৰ আন কেইবাগৰাকীও শীৰ্ষ নেতা অসমত প্ৰচাৰ চলাবলৈ আহিব বুলিও উল্লেখ কৰে ডেকাৰজাই।