অসমত নিৰপেক্ষ লোকসভা নিৰ্বাচন সুনিশ্চিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক বদলিৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে।
তাৎপৰ্যপূৰ্ণভাৱে শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনিষ্ঠ ভাতৃ।
খবৰ অনুসৰি, পক্ষপাতমুক্ত আৰু স্বচ্ছ-নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ অৰ্থে নিৰ্বাচন আয়োগে সক্ৰিয় পদক্ষেপ হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ ভাতৃক বদলি কৰাৰ সিদ্ধান্ত দিয়ে।
নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি, সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে। আনহাতে শোণিতপুৰৰ নতুন আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব বীৰ ৰাকেশ ৰেড্ডীয়ে।
ইয়াৰ উপৰি নিৰ্বাচন আয়োগে আন কিছু ৰাজ্যৰ জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছে।