ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্মীয়মান অৱস্থাতে ভাঙি পৰিল দলং; এজন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আৱদ্ধ

0 822

বিহাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। সুপৌল আৰু মধুবনী জিলা সংযোগী কোচি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দেশৰ আটাইতকৈ দীঘল দলংখনৰ এটা ডাঙৰ অংশ ভাঙি পৰিছে।

শুকুৰবাৰে ৰাতিপুৱা প্ৰায় ৭ বজাত দলংখনৰ এটা বৃহত অংশ ভাঙি পৰাৰ ফলত মৃত্যু হয় এজন শ্ৰমিকৰ। আহত হৈছে ৯ জনতকৈ অধিক শ্ৰমিক। তিনিৰ পৰা চাৰিজন শ্ৰমিক এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাৰ পিছত পুনৰবাৰ বিৰোধী আৰু জনসাধাৰণে দলং নিৰ্মাণৰ মানদণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোকে কয় যে আমি দলং নিৰ্মাণ কোম্পানীটোৰ অভিযন্তাক কেইবাবাৰো কৈছিলো যে গুণগত মান ভাল নহয়। কিন্তু তেওঁলোকে আমাৰ কথা শুনা নাছিল আৰু যাৰ ফলত আজি এই ভয়ংকৰ ঘটনাটো সংঘটিত হ’ল।

ইফালে ঘটনাস্থলত উপস্থিত হোৱা সুপৌলৰ জিলা দণ্ডাধীশে এই বিষয়টোৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে।

কেন্দ্ৰ চৰকাৰৰ ভাৰতমালা আঁচনিৰ অধীনত ১২০০ কোটি টকা ব্যয় সাপেক্ষে দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলংখনৰ নিৰ্মাণকাৰ্য চলি আছিল। 

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ২৩ জুনতো বিহাৰত সংঘটিত একেধৰণৰ ঘটনা। ভাগলপুৰ জিলাত গংগা নদীৰ নিৰ্মাণ হৈ থকা এখন দলং সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোকৰে একো ক্ষয়-ক্ষতি হোৱা নাছিল।

Leave A Reply

Your email address will not be published.