প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান- ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী বিদেশী ৰাষ্ট্ৰৰ শীৰ্ষ নেতাৰূপে চিহ্নিত হৈছে। ভাৰত-ভূটানৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত অনবদ্য বৰঙণি আগবঢ়োৱা বাবে মোদীক এই সন্মান প্ৰদান কৰা হৈছে।
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰি এই কথা জানিব দিয়ে। ভাৰতৰ ১৪০ কোটি জনতাক এই সন্মান উসৰ্গা কৰা বুলিও তেঁও পোষ্টটোত উল্লেখ কৰে।
উল্লেখ্য যে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে।
স্মৰ্তব্য যে ২০২১ চনৰ ১৭ ডিচেম্বৰত ভূটানৰ ৰজাই এই সন্মানৰ বাবে ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম। শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে দেশখন ভ্ৰমণৰ সময়ত এই সন্মান অৰ্পণ কৰা হয়।