ৰমজান মাহত ইফতাৰ কৰিবলৈ দি ঘটিল ভয়ংকৰ ঘটনা।
সকলোৱে সাৱধান হওঁক, কাৰণ ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা। আপোনাৰ চকুৰ সন্মুখতে কেতিয়া দুষ্কৃতিকাৰীয়ে আপোনাক লুটিব, আপুনি ধৰিবই নোৱাৰিব। এইবাৰ আমাৰ ৰাজ্যত কি ঘটিলে চাওঁক এই প্ৰতিবেদন।
চলি আছে ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ পৱিত্ৰ ৰমজান মাহ। ৰমজান মাহতেই গোৱালপাৰা জিলাৰ ৰাখালকিল্লাত ইফতাৰ কৰিবলৈ দি সৰ্বস্বান্ত হ’ল এটি পৰিয়াল। অচিনাকী লোকক ইফতাৰ কৰিবলৈ দিছিল পৰিয়ালটোয়ে। ছদ্মবেশ ধৰি অহা লোকে লুটি নিলে নগদ দুই লাখতকৈ অধিক টকা, আ-অলংকাৰ আৰু মোবাইল ফোন। ৰাখালকিল্লা গাঁৱৰ আকলিমা খাতুনৰ ঘৰত সংঘটিত হয় এই ঘটনা। ছদ্মবেশী লোক দুজনে খাদ্যৰ লগত নিচা জাতীয় দ্ৰব্য মিহলাই লুটি নিয়ে সকলো। ইয়াৰ পূৰ্বেও এনে ধৰণৰ বিভিন্ন ঘটনা বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে। ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে দৃষ্টান্তমূলক শাস্তি নিবিহিলে আৰু এনে ঘটনা বৃদ্ধি পোৱাৰ আশংকা আছে। কাৰণ এনে ঘটনাত মানুহৰ প্ৰাণৰ প্ৰতিও সংশয় নামি আহিব পাৰে।