নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ মাওবাদীৰ মৃত্যু
ছত্তীশগড়ৰ বিজাপুৰৰ নক্সাল অধ্যুষিত পীডিয়া বনাঞ্চলত আৰক্ষী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হোৱাৰ খবৰ আহিছে।
আৰক্ষী বিভাগৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিজাপুৰ আৰু দন্তেৱাড়া সীমান্তৱৰ্তী অঞ্চলত মাওবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলোৱা হৈছিল।
এই অভিযানত জড়িত আছে ডি আৰ জি, বাষ্টাৰ ফাইটাৰ্ছ আৰু কোব্ৰা জোৱান। বিজাপুৰৰ আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে জনোৱা অনুসৰি এতিয়াও পীডিয়াৰ অৰণ্যত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত এক সংঘৰ্ষ চলি আছে।
নক্সাল বিৰোধী এই অভিযানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বিজাপুৰ, দান্তেৱাড়া আৰু সুকমাৰ আৰক্ষী অধীক্ষকসকলে।
ইফালে জানিব পৰা অনুসৰি, নক্সাল বিৰোধী অভিযানৰ সময়ত বাষ্টৰ ফাইটাৰ্ছৰ দুজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাথমিক চিকিৎসাৰ অন্তত দুয়োজন জোৱানকে উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰযোগে ৰায়পুৰলৈ প্ৰেৰণ কৰা হয়।