ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছৰ ৬ গৰাকী বিধায়কে যোগ দিলে বিজেপিত

0 326

ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং কৰাৰ অভিযোগত অযোগ্য ঘোষণা কৰা হিমাচল প্ৰদেশৰ ৬ গৰাকী কংগ্ৰেছ বিধায়কে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে।

এই বিধায়কসকলৰ ভিতৰত আছে কংগ্ৰেছৰ সুধীৰ শৰ্মা, ৰবি ঠাকুৰ, ৰাজেন্দ্ৰ সিং ৰানা, চৈতন্য শৰ্মা, দেৱেন্দ্ৰ ভুট্টো আৰু ইন্দৰ দত্ত লখানপাল।

ইয়াৰ উপৰি হিমাচল প্ৰদেশৰ তিনিজন নিৰ্দলীয় বিধায়ক হোছিয়াৰ সিং, কে এল ঠাকুৰ আৰু আশীষ শৰ্মাইও আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে।

উল্লেখ্য যে, কংগ্ৰেছৰ এই ৬ গৰাকী বিসম্বাদী বিধায়কে দলীয় হুইপ অৱজ্ঞা কৰাৰ বাবে যোৱা ২৯ ফেব্ৰুৱাৰিত তেওঁলোকক অযোগ্য ঘোষণা কৰিছিল। নিৰ্বাচন আয়োগে এই ৬টা সমষ্টিৰ বাবে ইতিমধ্যে উপ-নিৰ্বাচনৰো ঘোষণা কৰিছে।

ইফালে নিৰ্দলীয় বিধয়াক তিনিজনে পদত্যাগ পত্ৰ প্ৰদান কৰি বিজেপিত যোগদান কৰে। তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমষ্টি সমূহতো উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

কংগ্ৰেছৰ এই ৬গৰাকী বিধয়াকে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে এতিয়া ৰাজ্যখনত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ৩৯ৰ পৰা ৩৩ লৈ হ্ৰাস পালে। বিজেপিৰ বিধায়কৰ সংখ্যা হৈছে ২৫।

যদিহে উপ-নিৰ্বাচনত বিজেপিয়ে আটাই কেইখন আসনতে জয় লাভ কৰে তেন্তে কংগ্ৰেছ চৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

Leave A Reply

Your email address will not be published.