পঞ্জাৱৰ সংৰুৰত বিষাক্ত সুৰায়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। বিষাক্ত সুৰা সেৱনৰ ফলত এই পৰ্যন্ত ২১ জন লোকৰ মৃত্যু হৈছে। আনহাতে একাংশ লোক এতিয়াও চিকিৎসাধীন হৈ আছে।
এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
তদন্তকাৰী আৰক্ষীৰ দলে মদ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ইথানল আৰু কেঁচামালও উদ্ধাৰ কৰে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ নেতৃত্বত চাৰিজনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।
আৰক্ষী উপ-মহাপৰিদৰ্শক হৰচৰণ সিং ভুল্লৰে কয় যে এই ঘটনাত এতিয়ালৈকে ২১ জন লোকে প্ৰাণ হেৰুৱাইছে। এই গোচৰত নতুনকৈ আমি দুজনক গ্ৰেপ্তাৰ কৰিছো। তদন্ত চলি আছে আৰু দোষীক ৰেহাই দিয়া নহ’ব।
উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰয়াসৰ অংশ হ’ব পাৰে ভুৱা সুৰা বিক্ৰী। বুধবাৰে এই সুৰা সেৱন কৰাৰ পিছতে ৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে একাংশ লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।
এতিয়াও অঞ্চলটোৰ বিভিন্ন হাস্পতালত আৰু বহু লোক চিকিৎসাধীন হৈ আছে।