ISHAN NEWS – Always One Step Ahead of Time…

সন্দেহৰ মৰ্মান্তিক পৰিণতি! পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড পাষণ্ডৰ

0 631

মহাৰাষ্ট্ৰৰ আহমদনগৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। সোমবাৰে ৰাতিপুৱা আহমদনগৰৰ এখন গাঁৱৰ এজন ৪৫ বছৰীয়া কৃষকে নিজৰ পত্নী আৰু দুই কন্যা সন্তানক জুই লগাই হত্যা কৰাৰ চাঞ্চল্যকৰ খবৰ আহিছে।

জানিব পৰা মতে, পাষণ্ড লোকজনে নিজৰ পত্নী আৰু দুই কন্যা সন্তানক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখি জুই লগাই মৃত্যুমুখলৈ ঠেলি দিয়ে।

এই ঘটনা সংঘটিত হৈছে পিম্পলগাঁও লণ্ডাগা গাঁৱত। এই চাঞ্চল্যকৰ ঘটনাত জীৱন্তে অগ্নিদগ্ধ হয় অভিযুক্ত হত্যাকাৰী লোকজনৰ ৩৫ বছৰীয়া পত্নী আৰু দুই কন্যাৰ। কন্যা সন্তান দুগৰাকীৰ এগৰাকীৰ বয়স ১৪ আৰু আনগৰাকীৰ বয়স আছিল মাত্ৰ ১।

সহকাৰী পৰিদৰ্শক প্ৰল্হাদ গীতে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয়, ‘ৰাতিপুৱা ১০.৩০ মান বজাত সুনীল লাণ্ডগেই নিজৰ পত্নী আৰু দুই কন্যা সন্তানক ঘৰৰ ভিতৰত বন্ধ কৰি ৰাখে। ইয়াৰ পিছতে খিৰিকীৰে পেট্ৰ’ল ঢালি ঘৰটো জ্বলাই দিয়ে। যেতিয়ালৈকে চুবুৰীয়াই ভিতৰত আৱদ্ধ হৈ থকা মহিলাগৰাকী আৰু শিশু দুটিৰ চিঞৰ শুনিছিল তেতিয়ালৈকে ঘৰটো সম্পূৰ্ণৰূপে জুইৰ শিখাই আগুৰি ধৰিছিল।‘

অৱশ্যে ঘটনা সংঘটিত কৰা লোকজনে ঘটনাস্থলৰ পৰা পলায়ন নকৰি আৰক্ষী অহাৰ পিছত আত্মসমৰ্পণ কৰে।

অভিযুক্ত হত্যাকাৰীজনে পত্নীৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিয়েই এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰা বুলি স্থানীয় লোক তথা আৰক্ষীয়ে জানিব দিয়ে। 

Leave A Reply

Your email address will not be published.