ISHAN NEWS – Always One Step Ahead of Time…

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; এনকাউণ্টাৰত নিহত ৬ দুৰ্ধৰ্ষ মাওবাদী

0 209

ছত্তীশগড়ত অব্যাহত আছে মাও বিৰোধী অভিযান। বীজাপুৰ অঞ্চলৰ মাও অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত পুনৰ নিহত হৈছে ছয়জনকৈ দুৰ্ধৰ্ষ মাওবাদী।

জানিব পৰা মতে, নিৰাপত্তাৰক্ষীৰ দলে চলোৱা তালাচী অভিযানৰ পিছতে দুয়োপক্ষৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। দীৰ্ঘ সময় ধৰি চলা এনকাউণ্টাৰৰ পিছত চলোৱা তালাচীত ঘটনাস্থলৰ পৰা ৬ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হয়।

বীজাপুৰ জিলাৰ চিকুৰবত্তী-পুছবাকাৰ সমীপৰ ঘন জংঘলত এই এনকাউণ্টাৰ সংঘটিত হয়। ডি আৰ জি, চি আৰ পি এফ ২২৯ আৰু কোবৰাৰ দলে এতিয়াও চলাই আছে মাও বিৰোধী অভিযান।

অৱশ্যে এনকাউণ্টাৰৰ ফলত হোৱা হতাহতৰ সংখ্যা এতিয়ালৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, মঙলবাৰে হোলীৰ আনন্দ উল্লাসৰ মাজতে ছত্তীশগড়ত মাওবাদীয়ে সংঘটিত কৰিছিল এক ভয়ংকৰ কাণ্ড। মাওবাদীৰ এটা দলে বীজাপুৰ জিলাৰ এখন গাঁৱত প্ৰৱেশ কৰি হোলী খেলি থকা গাঁৱৰ তিনিজন লোকক হত্যা কৰে।

এই নৃশংস ঘটনাৰ পিছতে নিৰাপত্তৰক্ষীৰ বৃহত বাহিনীয়ে অঞ্চলটোত মাও বিৰোধী অভিযান আৰম্ভ কৰে।

Leave A Reply

Your email address will not be published.