ISHAN NEWS – Always One Step Ahead of Time…

পথৰ পৰা ৩০০ ফুট তলত বাগৰিল বাহন; ১০ গৰাকী যাত্ৰীৰ মৃত্যু

0 565

শুকুৰবাৰে পুৱা জম্মু-শ্ৰীনগৰ ঘাইপথত ৰামবন অঞ্চলৰ বেটাৰী চাছমাৰ সমীপত এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাত পতিত হোৱাত ১০ গৰাকী যাত্ৰীৰ মৃত্যু হয়।

বিষয়াসকলে জনোৱা মতে, পুৱা শ্ৰীনগৰৰ পৰা জম্মু অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখন পথৰ পৰা প্ৰায় ৩০০ ফুট তলত বাগৰি পৰাৰ ফলত যাত্ৰী কেইজনৰ মৃত্যু হয়।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি, দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষী, এছডিআৰএফ আৰু ৰামবানৰ কিউআৰটিৰ এটা দলে উদ্ধাৰ অভিযান চলাবলৈ ঘটনাস্থলত উপস্থিত হয়।

ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও পিছত নিহত আটাইকেইজনৰ মৃতদেহ উদ্ধাৰ হয়।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, প্ৰতিগৰাকী মৃত লোকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

Leave A Reply

Your email address will not be published.