নয়ডাত সংঘটিত হৈছে এক অদ্ভূত ঘটনা। উবেৰ বুক কৰি বিপদত পৰিল এজন যুৱক। যুৱকজনে কাৰ্যালয়লৈ যাবলৈ উবেৰ এপৰ পৰা অট’ এখন বুক কৰিছিল,য’ত ভাড়া দেখুৱাইছিল ৬২ টকা।
কিন্তু গন্তব্যস্থানত তেওঁ পেমেন্ট কৰিবলৈ লৈ হতবাক হৈ পৰিল। ৬২ টকাৰ পৰিৱৰ্তে তেওঁৰ বিল আহিল ৭ কোটি ৬৬ লাখ ৮৩ হাজাৰ ৭৬২ টকা। দীপক টেংগুৰীয়া নামৰ যুৱকজনৰ সৈতে সংঘটিত হৈছে এই ঘটনা।
ইয়াৰ পিছতে যুৱকজনে এই কথা তেওঁৰ নিজৰ X হেণ্ডেলত পোষ্ট কৰে।পোষ্টটো ভাইৰেল হোৱাৰ পিছত উবেৰ কৰ্তৃপক্ষই ক্ষমা বিচাৰি বিষয়টো সন্দৰ্ভত তদন্ত চলোৱা বুলি কয়।
দীপকে নোৱা মতে, যুৱকজনক অপেক্ষা কৰিব লগা হোৱা নাছিল।
দীপকে কয় যে তেওঁ জীৱনত কেতিয়াও ইমান শূণ্য গণনা কৰা নাছিল। দীপকৰ বন্ধু আশীষ মিশ্ৰ নামৰ বন্ধুজনে কয়, ‘আপুনি চন্দ্ৰযান বুকিং কৰিলেও ইমান টকা খৰছ নহ’লহেতেন’।