মহানগৰীত শোকাৱহ ঘটনা; গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সলিল সমাধি তিনিজনৰ
গুৱাহাটী মহানগৰীৰ চূণচালিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত তিনিজন কিশোৰৰ সলিল সমাধি ঘটাৰ খবৰ আহিছে।
জানিব পৰা মতে, কিশোৰ তিনিজনে ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছিল।
বহু সময় ধৰি কিশোৰ তিনিজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত আৰক্ষী আৰু এছ ডি আৰ এফৰ দল উপস্থিত হয়।
এছ ডি আৰ এফে চলোৱা অভিযানত দুজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হয় যদিও আন এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
দেৱজিত ভূঞা আৰু কুকিল কলিতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে ৰাহুল দাস নামৰ কিশোৰ জন এতিয়াও সন্ধানহীন হৈ আছে।
গা ধুবলৈ গৈ মৃত্যুমুখত পৰা তিনিওজনৰে ঘৰ চান্দমাৰী অমিয়নগৰত বুলি জানিব পৰা গৈছে।