ISHAN NEWS – Always One Step Ahead of Time…

‘হিৰো’ৰ পৰা ‘জিৰো’লৈ! এবছৰ আগতে আছিল ১৭,৫৪৫ কোটি টকাৰ সম্পত্তি। এতিয়া পকেটত নাই এটকাও

0 791

ভাগ্য সদায় একে নাথাকে। কেতিয়া ভাগ্য সলনি হয় কোনেও ক’ব নোৱাৰে। কেতিয়াবা যদি ভাগ্যই লগ দিয়ে, কেতিয়াবা আকৌ ভাগ্যৰ পাকচক্ৰত সকলো হেৰুৱাব লগা হয়। ভাগ্যৰ পাকচক্ৰত ‘হিৰো’ৰ পৰা ‘জিৰো’ হ’ল এডুটেক কোম্পানী বাইজুৰ প্ৰতিষ্ঠাতা বাইজু ৰবীন্দ্ৰন। বৰ্তমান ভয়ংকৰ আৰ্থিক সংকটত বিলিয়নাৰ হিচাপে খ্যাতি লাভ কৰা বাইজু ৰবীন্দ্ৰন। শেহতীয়াকৈ প্ৰকাশ পোৱা ফৰ্বছ বিলিয়নাৰ ইনডেক্স ২০২৪ অনুসৰি ৰবীন্দ্ৰনৰ সম্পত্তি শূন্যলৈ নামি আহিছে। কৰ্মচাৰীক দৰমহা দিবলৈও ধন নাই ৰবীন্দ্ৰনৰ।

এবছৰৰ পূৰ্বে বাইজু ৰবীন্দ্ৰনৰ সম্পত্তিৰ পৰিমাণ আছিল ২.১ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাত্ ১৭,৫৪৫ কোটি টকা। তেওঁ কেইবাখনো মৰ্যাদাসম্পন্ন ‘বিশ্বৰ ধনী’ তালিকাত স্থান লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ পতনৰ সন্মুখীন হবলগীয়া হৈছে এসময়ৰ বিলিয়নাৰগৰাকী। বাইজুৰ পতনৰ কথা উল্লেখ কৰি ফৰ্বছে কয় যে, ‘যোৱা বছৰৰ তালিকাৰ পৰা এইবাৰ মাত্ৰ চাৰিজন লোকহে বাদ পৰিছে, য’ত প্ৰাক্তন এডটেক তাৰকা বাইজু ৰবীন্দ্ৰনো আছে, যাৰ প্ৰতিষ্ঠান বাইজুৱে একাধিক সংকটৰ সন্মুখীন হৈছিল আৰু ব্লেকৰকৰ মূল্য ১ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

এসময়ত টীম ইণ্ডিয়াৰ জাৰ্চীত দেখা পোৱা গৈছিল বাইজুৰ লগো। বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানক দেখা গৈছিল কোম্পানীটোৰ বিজ্ঞাপনত। এবছৰ পাছতেই সম্পূৰ্ণ সলনি হল পৰিস্থিতি। সমগ্ৰ দেশতে বন্ধ হৈ আছে বাইজুৰ কাৰ্যালয়, টিউচন কেন্দ্ৰসমূহ। ধনৰ অভাৱত কৰ্মচাৰীক দৰমহা দিবলৈ বন্ধকত ৰাখিবলগীয়া হৈছে নিজৰ ঘৰ।

হিৰোৰ পৰা জিৰো হোৱা ৰবীন্দ্ৰন

কেৰালাৰ কান্নুৰ জিলাৰ আজিকোড গাঁৱৰ ৰবীন্দ্ৰনে সৰুৰে পৰা তীক্ষ্ণ মেধাসম্পন্ন আছিল। বন্ধৰ দিনত তেওঁ বন্ধুবৰ্গক পঢ়াইছিল। তেওঁ পঢ়োৱা শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল আইআইএম-ত। তেওঁ নিজেও দুবাৰকৈ আইআইএম পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰতিবাৰে 100 শতাংশ নম্বৰ পাইছিল। ইয়াৰ পাছতেই তেওঁ আইআইএমৰ সলনি শিক্ষাৰ্থীসকলক টিউচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।  ৰবীন্দ্ৰনে এসপ্তাহত ৯ খন চহৰ ভ্ৰমণ কৰি শিশুসকলক শিকাইছিল। তেওঁ দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত একেলগে ২৫০০০ ছাত্ৰক টিউশ্যন কৰিছিল।

২০০৯ চনত, তেওঁ চি.এ.টি.-ৰ অনলাইন ভিডিঅ’ আধাৰিত শিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে। ২০১১ চনত তেওঁ থিংক এণ্ড লাৰ্ণ নামৰ এটা কোম্পানী গঠন কৰে আৰু বাইজুৰ অনলাইন সংস্কৰণ মুকলি কৰে। ২০১৫ চনত, তেওঁ বাইজুৰ, দ্য লাৰ্ণিং এপ আৰম্ভ কৰে। ৰবীন্দ্ৰনৰ মগজুৰ সৃষ্টি এই এপটোৱে শিক্ষাখণ্ডত আনিলে বৈপ্লৱিক পৰিৱৰ্তনপ্ৰাথমিক বিদ্যালয়ৰ পৰা এম বি এ ছাত্ৰ-ছাত্ৰীক সহায়ক হয় এই এপটো এই ষ্টাৰ্টআপটো তেওঁৰ বাবে গেমচেঞ্জাৰ হিচাপে প্ৰমাণিত হয়। মাত্ৰ ৭ বছৰৰ ভিতৰত কোটিপতিলৈ পৰিণত হল ৰবীন্দ্ৰন। 

২০২০ চনলৈ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় এডুটেক ষ্টাৰ্টআপলৈ ৰূপান্তৰিত হৈছিল বাইজু এপ। কোম্পানীটোৰ মূল্য 85 হাজাৰ কোটি টকালৈ বৃদ্ধি হৈছিল। কৰ’না মহামাৰীৰ সময়ত নতুন গতি লাভ কৰে কোম্পানীটোৱে। কোম্পানীটোৱে আকাশ ইনষ্টিটিউট, আই ৰবট টিউটৰ, হাশ্লাৰ্ণ, হোৱাইট জুনিয়ৰ আৰু টপাৰ আদিৰ দৰে বহুতো কোম্পানী ক্ৰয় কৰিছিল। লাহে লাহে বাইজুৱে বৃহৎ পৰিমাণত ঋণ লোৱা আৰম্ভ কৰে। ১.২ বিলিয়ন ডলাৰৰ ঋণৰ সিদ্ধান্তই লাহে লাহে ক্ষতি কৰিলে তেওঁৰ কোম্পানীত।   

কৰ’নাৰ পিছত বিদ্যালয় আৰু মহাবিদ্যালয় খোলা আৰম্ভ হোৱাৰ লগে লগে বিফলতাৰ সন্মুখীন হয় কোম্পানীটো। শিক্ষাৰ্থীসকলে লাহে লাহে বাইজুৰ পৰা ওলাই যাবলৈ আৰম্ভ কৰে। একে সময়তে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সূতৰ হাৰ বৃদ্ধি কৰে। ক্ৰমাত্ হ্ৰাস হবলৈ ধৰিলে বাইজুৰ উপাৰ্জন। কোম্পানীটোৱে দৰমহা, কাৰ্যালয়, টিউচন কেন্দ্ৰৰ বাবে কোম্পানীটোৱে প্ৰতি মাহে ব্যয় কৰিবলগা হৈছিল ১৫০ কোটি টকা। ইয়াৰ বিপৰীতে কোম্পানীটোৰ উপাৰ্জন আছিল মাত্ৰ ৩০ কোটি টকা। বছৰে বছৰে বাঢ়িবলৈ ধৰিলে কোম্পানীটোৰ লোকচানৰ পৰিমাণ।  

উল্লেখ্য যে কোম্পানীটোৰ দুৰ্ভাগ্যৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বাইজু ৰবীন্দ্ৰন। প্ৰচেছ এনভি আৰু পিক এক্সভি পাৰ্টনাৰ্ছকে ধৰি কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকলে যোৱা মাহত ৰবীন্দ্ৰনক চিইঅ’ৰ পৰা অপসাৰণ কৰিবলৈ ভোটদান কৰিছিল। প্ৰতিষ্ঠাপকৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ জাৰি কৰাৰ পূৰ্বে ইডিয়ে বাইজুৰ মূল কোম্পানী থিংক এণ্ড লাৰ্নক বিদেশী মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত ৯,৩৬২ কোটিতকৈ অধিক টকাৰ উলংঘাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছিল। 

Leave A Reply

Your email address will not be published.