ISHAN NEWS – Always One Step Ahead of Time…

দূষিত পানী খাই এটা পৰিয়ালৰ পাঁচটা শিশুৰ মৃত্যু

0 159

পাকিস্তানৰ সিন্ধ প্ৰান্তৰ সংঘাৰ জিলাত দূষিত পানী খাই এটা পৰিয়ালৰ পাঁচটা শিশুৰ মৃত্যু হৈছে। এ আৰ ৱাই নিউজে এই তথ্য প্ৰকাশ কৰিছে।

সংঘাৰ উপায়ুক্তৰ এক বিবৃতি অনুসৰি এটা হেণ্ড পাম্পৰ পানী খোৱাৰ ফলত চাৰিৰ পৰা আঠ বছৰৰ ভিতৰৰ পাঁচটা শিশুৰ মৃত্যু হয়।

পানী খোৱাৰ পিছত শিশু কেইটাই জ্বৰ, ডায়েৰিয়া আৰু বমিত আক্ৰান্ত হোৱাত তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত শিশুকেইটাই প্ৰাণ হেৰুৱায় বুলি বিষয়াগৰাকীয়ে জনায়।

আটাইকেইটা শিশুৰ বয়স আছিল ৩ৰ পৰা ৮ বছৰৰ ভিতৰত।

নিহত দুজন হৈছে মুৰিদ ভাট্টি (৮ বছৰ), মুমতাজ (৩ বছৰ), ৰছিদ আলী (৫ বছৰ), ছানিয়া (৪ বছৰ) আৰু জামিৰা (৪ বছৰ)।

এই মৰ্মান্তিক ঘটনাৰ পিছতে স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে উপাযুক্ত গৰাকীয়ে ঘটনাস্থললৈ গৈ পানী পৰীক্ষা কৰে। পৰিদৰ্শনৰ পিছত হেণ্ড পাম্প ছীল কৰা হয়।

Leave A Reply

Your email address will not be published.