কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে দিল্লীত আপৰ এদিনীয়া অনশন
আম আদমি পাৰ্টী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাত আজি দিল্লীৰ যন্তৰ-মন্তৰত দলটোৰ শীৰ্ষ নেতাসকলে এদিনীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে।
দলটোৰ শীৰ্ষ নেতাসকলে জনোৱা অনুসৰি ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিদেশত থকা ভাৰতীয় নাগৰিকসকলেও এইধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিদেশৰ স্থানসমূহৰ ভিতৰত আছে বষ্টনৰ হাৰ্ভাৰ্ড স্কোৱাৰ, লছ এঞ্জেলছৰ হলিউড চাইন, ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসৰ বাহিৰত, নিউয়ৰ্ক টাইমছ স্কোৱাৰ, টৰন্টো, লণ্ডন আৰু মেলবৰ্ণ আদি।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে স্বাধীনতা আন্দোলনৰ শ্বহীদ ভগত সিঙৰ গাঁও খটকৰ কলাত ৰাজহুৱা অনশনত অংশ লৈছে। দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিবাস গোয়েল, উপাধ্যক্ষ ৰাখী বিড়লান, মন্ত্ৰী আতিশী, গোপাল ৰায় আৰু ইমৰান হুছেইনসহ আপৰ শীৰ্ষ নেতাসকলে পুৱা ১১ বজাৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীস্থিত যন্তৰ-মন্তৰত ৰাজহুৱা অনশনত অংশ লৈছে।
আপৰ দিল্লীৰ সমন্বয়ক গোপাল ৰায়ে দিল্লীৰ জনসাধাৰণক এই অনশন কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনাইছে।
দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত বিজেপিয়ে ইডিৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰি আপ দলটোক নিশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলিও অভিযোগ আনে গোপাল ৰায়ে।
কেজৰিৱালক গ্ৰেপ্তাৰৰ পিছৰে পৰা আপে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি আহিছে আৰু আগন্তুক লোকসভা নিৰ্বাচনত কেজৰিৱালক প্ৰচাৰৰ পৰা বিৰত ৰখাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও অভিযোগ আনে দলটোৱে।
উল্লেখ্য যে, দিল্লী সুৰা নীতি কেলেংকাৰী গোচৰত যোৱা ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক।