ISHAN NEWS – Always One Step Ahead of Time…

গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ আফগানী শিক্ষাৰ্থীক হোষ্টেল খালী কৰাৰ নিৰ্দেশ

0 455

গুজৰাট বিশ্ববিদ্যালয়ৰ হোষ্টেলত নামাজ পঢ়াক কেন্দ্ৰ কৰি বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা সংঘাতৰ পিছত ৭ গৰাকী আফগান ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

৭ জন ছাত্ৰৰ ভিতৰত ৫ জন ছাত্ৰই ইতিমধ্যে হোষ্টেল খালী কৰা বুলিও জনাইছে কৰ্তৃপক্ষই।

উল্লেখ্য যে যোৱা মাহত হোষ্টেল চৌহদৰ এক মুকলি ঠাইত একাংশ বিদেশী শিক্ষাৰ্থীয়ে নামাজ পঢ়াক লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বাহিৰৰ পৰা অহা ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দল এটাই নামাজ পঢ়া শিক্ষাৰ্থীৰ সৈতে মাৰপিটত লিপ্ত হোৱাৰ লগতে হোষ্টেলৰ বিভিন্ন সম্পত্তি অনিষ্ট কৰিছিল।

ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত আৰক্ষীয়ে ২৫জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল। আফগানিস্তানৰ পৰাও এটা প্ৰতিনিধি দলে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰিছিল।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি হোষ্টেল খালী কৰিবলৈ কোৱা ছাত্ৰসকলৰ একাংশ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আন একাংশৰ কিছু আনুষ্ঠানিকতা বাকী আছে। বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলৰ সা-সুবিধা ব্যৱহাৰ কৰিব নোৱাৰে। হোষ্টেল খালী কৰিবলৈ কোৱা ৭ গৰাকী শিক্ষাৰ্থী এই শ্ৰেণীত পৰে।

উল্লেখ্য যে, বৰ্তমান গুজৰাট বিশ্ববিদ্যালয়ত প্ৰায় ১৮০ জন বিদেশী শিক্ষাৰ্থী আছে।

Leave A Reply

Your email address will not be published.