ISHAN NEWS – Always One Step Ahead of Time…

ৰাম মন্দিৰৰ প্ৰসংগৰে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

0 210

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নবাড়াৰ কুন্তীনগৰ খেলপথাৰত বিজেপিৰ এখন বিশাল জনসভা সম্বোধন কৰে। জনসভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ দল কংগ্ৰেছ আৰু আৰজেডিক তীব্ৰ সমালোচনা কৰে।

তিনি তালাক, ধাৰা ২৭০ বিলুপ্তি, দুৰ্নীতি, জংঘলৰাজ, ৰাম মন্দিৰ নিৰ্মাণকে আদি কৰি বিভিন্ন বিষয় উল্লেখ কৰে মোদীয়ে। জনসভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তান আৰু কাশ্মীৰ প্ৰসংগও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে আন ৰাজ্যলৈ গৈ কয় যে ইয়াত জম্মু-কাশ্মীৰৰ কি কাম। আপোনালোকে জনাওক জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ নহয় নেকি?

একে সময়তে ৰাম মন্দিৰৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছৰ লগতে বহু বিৰোধী দলে ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নিমন্ত্ৰণ নাকচ কৰিছিল।

কংগ্ৰেছ তথা বিৰোধীক লক্ষ্য কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে অযোধ্যাত ৰাম লালাৰ মন্দিৰ নিৰ্মাণ হ’ব বুলি মোদীয়ে নিশ্চয়তা দিছিল, আৰু আজি সেয়া হৈ উঠিল। পাঁচশ বছৰত যি কৰিব পৰা হোৱা নাছিল, কংগ্ৰেছ আৰু আৰজেডিয়ে বছৰ বছৰ ধৰি ইয়াৰ নিৰ্মাণ বন্ধ কৰিবলৈ চেষ্টা কৰা ৰাম মন্দিৰটো সম্পূৰ্ণ হ’ল। দেশবাসীৰ ধনেৰে এই মন্দিৰ নিৰ্মাণ কৰা হৈছে, দেশবাসীয়ে নিৰ্মাণ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে দুখীয়াৰ ল’ৰা মোদী, দুখীয়াৰ সেৱক। দেশৰ প্ৰতিজন ভাই-ভনীৰ দৰিদ্ৰতা দূৰ নকৰালৈকে মই শান্তিৰে জিৰণি নলওঁ। তৃতীয় কাৰ্যকালত মোডীৰ আৰু বহু গ্যেৰাণ্টি আহিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৩ লাখ দিদি হ’ব লাখপতি। প্ৰধানমন্ত্ৰী সূৰ্য্য যোজনাৰ দ্বাৰা দৰিদ্ৰ মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব। বিদ্যুতৰ বিল শূন্য হ’ব।

Leave A Reply

Your email address will not be published.