ISHAN NEWS – Always One Step Ahead of Time…

শুনানিৰ পূৰ্বেই ৰামদেৱ আৰু বালকৃষ্ণই সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত বিচাৰিলে ক্ষমা

0 152

সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই ক্ষমা খুজিবলৈ বাধ্য হ’ল বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই। বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ওচৰত বিনাচৰ্তে ক্ষমা বিচাৰিছে ৰামদেৱ আৰু বালকৃষ্ণই।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰাৰ বাবেই দুয়োজনে ক্ষমা বিচাৰিছে। বিভ্ৰান্তিকৰ বিজ্ঞাপনত স্থগিতাদেশ দিয়াৰ ঠিক এদিন পিছতেই আয়োজন কৰা সংবাদমেলৰ বাবেও ক্ষমা বিচাৰে দুয়োজনে।

বাবা ৰামদেৱৰ হৈ বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনাৰ শপতনামা দাখিল কৰা হৈছে।

ৰামদেৱ, বালকৃষ্ণই কৈছে যে এতিয়া কোনো সংবাদমেল বা ৰাজহুৱা বিবৃতি দিয়া নহ’ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আখৰে আখৰে পালন কৰা হ’ব। ভৱিষ্যতেও এনেধৰণৰ বিজ্ঞাপন জাৰি কৰা নহ’ব। আইন আৰু ন্যায়ৰ গৰিমা বজাই ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো।

উল্লেখ্য যে, এই সন্দৰ্ভত বুধবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। দুয়োজনেই বুধবাৰে উপস্থিত থাকিব আদালতত।

শপতনামাত দুয়োজনে কৈছে যে বিজ্ঞাপনৰ বিষয়টোৰ সন্দৰ্ভত মই মোৰ নিঃচৰ্ত ক্ষমা বিচাৰিছো। এই ভুলৰ বাবে মই গভীৰভাৱে অনুশোচনা কৰিছো আৰু সন্মানীয় আদালতক আশ্বস্ত কৰিব বিচাৰিছো যে ইয়াৰ পুনৰাবৃত্তি নহ’ব।

উল্লেখ্য যে, আয়ুৰ্বেদ প্ৰতিষ্ঠান পতঞ্জলিৰ ফালৰ পৰা কৰা স্বাস্থ্য সম্বন্ধীয় সামগ্ৰীৰ সকলো বিজ্ঞাপনক বিভ্ৰান্তিকৰ আৰু ভুল বুলি মন্তব্য কৰি এই সমূহত নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

কিন্তু আদালতৰ নিৰ্দেশনাৰ পিছতো বিজ্ঞাপন জাৰি ৰখা আৰু স্পষ্টৰূপত শপতনামা দাখিল নকৰাত ক্ষুন্ন হৈ সৰ্বোচ্চ ন্যায়ালয়ে ২ এপ্ৰিলত ৰামদেৱ আৰু বালাকৃষ্ণক ‘যুক্তিসংগত’ স্পষ্টীকৰণ শপতনামা দাখিল কৰাৰ ‘শেষ সুযোগ’ দিছিল। লগতে পূৰ্বে দাখিল কৰা ক্ষমাপ্ৰাৰ্থনা ‘অসম্পূৰ্ণ’ আৰু ‘কেৱল ভুৱা’ বুলিও কৈছিল।

উচ্চতম ন্যায়ালয়ে কয়, ২১ নৱেম্বৰত ন্যায়ালয়ৰ নিৰ্দেশৰ পিছদিনাই আপোনালোকে সংবাদমেল অনুষ্ঠিত কৰিছে। তাত ৰামদেৱ আৰু বালকৃষ্ণও উপস্থিত আছিল। আপোনাৰ ক্ষমাই পৰ্যাপ্ত নহয়। কিয়নো উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে আৰু আপোনালোকে পতঞ্জলিৰ বিজ্ঞাপন চপা কৰি আছে। আপোনালোকৰ মিডিয়া বিভাগটো আপোনাৰ পৰা পৃথক নহয়। কিয় এনে কাম কৰিছে আপুনি? আপোনাক নৱেম্বৰ মাহতেই সতৰ্ক কৰি দিয়া হৈছিল। ইয়াৰ পাছতো এনে কাম কৰিছে? সেইবাবে তদন্তৰ বাবে সাজু থাকক। এইখন দেশৰ সৰ্বোচ্চ আদালত। আপুনি আইন উলংঘা কিয় কৰিছে? গতিকে ইয়াৰ পৰিণামৰ বাবে সাজু থাকক।

অৱশ্যে কাইলৈ অৰ্থাত বুধবাৰে অনুষ্ঠিত হ’বলগীয়া শুনানিত পতঞ্জলিৰ লগতে বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব। 

Leave A Reply

Your email address will not be published.