ISHAN NEWS – Always One Step Ahead of Time…

হৃদয় বিদাৰক! যাত্ৰীবাহী বাহন বাগৰিল প্ৰায় ১৫০ ফুট দ’ খাৱৈত; ৭ নেপালী নাগৰিকসহ ৮ জনৰ মৃত্যু

0 1,080

উত্তৰাখণ্ডৰ নৈনিতাল জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। নৈনিতাল জিলাৰ বেতালঘাটৰ সমীপত এখন মেক্স গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ১৫০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।

এই দুৰ্ঘটনাৰ পিছতেই নৈনিতালৰ দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষই উদ্ধাৰ অভিযান চলাবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল (SDRF) এটাক ঘটনাস্থললৈ প্ৰেৰণ কৰে। উদ্ধাৰ অভিযানকাৰী দলটোক নেতৃত্ব প্ৰদান কৰে উপ-পৰিদৰ্শক ৰাম সিং বোৰাই।

স্থানীয় লোক, আৰক্ষীৰ জোৱানৰ লগতে এছ ডি আৰ এফৰ দলটোৱে দুৰ্ঘটনাস্থলৰ পৰা ৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে বুলি জনাই আৰক্ষীয়ে।

উল্লেখ্য যে চালকজনৰ বাহিৰে বাহনখনত থকা আন সকলো যাত্ৰী নেপালৰ মহেন্দ্ৰনগৰৰ বাসিন্দা আছিল।

জানিব পৰা মতে, উঞ্চাকোটৰ পৰা নেপালৰ মহেন্দ্ৰনগৰ অভিমুখে গৈ থকা UK04-CC-0495 নম্বৰৰ উক্ত বাহনখনত মুঠ ১০ জন লোকে যাত্ৰা কৰি আছিল।

এই মৰ্মান্তিক দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইজনক বিশ্ৰাম চৌধুৰী (৫০), ধীৰাজ (৪৫), অনন্তৰাম চৌধুৰী (৪০), বিনোদ চৌধুৰী (৩৮), উদয়ৰাম চৌধুৰী (৫৫), তিলক চৌধুৰী (৪৫), গোপাল (৬০) আৰু ৰাজেন্দ্ৰ কুমাৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে। নিহত ৮ জনৰ ভিতৰত একমাত্ৰ ভাৰতীয় লোকজন হৈছে বাহনখনৰ চালক ৰাজেন্দ্ৰ কুমাৰ।

আনহাতে আহত হোৱা আন তিনিগৰাকী যাত্ৰী শান্তি চৌধুৰী, ছতু চৌধুৰী আৰু প্ৰেম বাহাদুৰ সম্প্ৰতি এখন হাস্পতালত চিকিৎসাধীন হৈ আছে।

Leave A Reply

Your email address will not be published.