ইজৰাইলৰ ভয়াৱহ আক্ৰমণত মৃত্যু হামাছৰ শীৰ্ষ নেতাৰ তিনি পুত্ৰ
ইজৰাইলৰ ভয়াৱহ আক্ৰমণত নিহত হৈছে হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়াৰ তিনি পুত্ৰ। আল জাজিৰা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হানিয়াই কয় যে এখন গাড়ীৰে গৈ থকা অৱস্থাত ইজৰাইলে চলোৱা ড্ৰোন আক্ৰমণত তেওঁৰ তিনি পুত্ৰৰ লগতে পৰিয়ালৰ আন সদস্যৰ মৃত্যু হয়।
হানিয়াই অতি দুখ আৰু ক্ষোভেৰে কয় যে কেৱল প্ৰতিশোধ লোৱাৰ বাবেই কোনো নিয়ম বা মানৱ অধিকাৰ পালন নকৰাকৈয়ে তেওঁৰ তিনি পুত্ৰক হত্যা কৰা হৈছে।
এই মৃত্যুৰ ফলত হামাছৰ কাৰ্যকলাপ আৰু মনোবলত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি হামাছে পূৰ্বৰ দৰেই নিজৰ উদ্দেশ্যৰ বাবে যুঁজি থাকিব বুলি কয়।
উল্লেখ্য যে, ইছমাইল হানিয়া গাজাৰ বিপৰীতে কাটাৰত থাকে আৰু তাৰ পৰাই হামাছৰ কাৰ্যকলাপ চলায়। হামাছ-ইজৰাইলৰ মাজত আৰম্ভ হোৱা আক্ৰমণৰ পিছৰে পৰা হানিয়াই নিজ ভূমি এৰি কাটাৰত আশ্ৰয় লৈ আছে।
হামাছৰ মুৰব্বী হানিয়াই কয় যে ইজৰাইলী আক্ৰমণত তেওঁৰ তিনিটা সন্তান ক্ৰমে হাজেম, আমিৰ আৰু মহম্মদৰ লগতে কেইবাজনো নাতি-নাতিনী নিহত হৈছে।
হানিয়াই লগতে জানিবলৈ দি কয় যে, ঈদ উপলক্ষ্যে শাতি শৰণাৰ্থী শিবিৰত আত্মীয়ৰ ওচৰলৈ যোৱাৰ সময়ত তেওঁৰ সন্তানকেইটা আক্ৰমণৰ বলি হয়।
উল্লেখ্য যে হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁৰ পৰিয়ালৰ প্ৰায় ৬০ জন সদস্যই প্ৰাণ হেৰুৱাইছে।