ISHAN NEWS – Always One Step Ahead of Time…

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত চৰম শাস্তি এগৰাকী ধনাঢ্য মহিলাক

0 234

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ভিয়েটনামৰ এগৰাকী ধনাঢ্য মহিলাক। ২৭ বিলিয়ন ডলাৰৰ কেলেংকাৰী সন্দৰ্ভত যোৱা কেইবাদিনো ধৰি এই গোচৰৰ বিচাৰ চলি আছিল।

গোচৰটোৰ তিনিজন নিৰ্বাচিত জুৰি আৰু দুজন ন্যায়াধীশৰ পেনেলে প্ৰপাৰ্টি ডেভেলপাৰ ভ্যান থিন ফাটৰ অধ্যক্ষ ট্ৰুং মাই লানৰ সকলো যুক্তি নাকচ কৰি দিয়ে। মাই লানে এটা দশকতকৈও অধিক সময় ধৰি চাইগন কমাৰ্চিয়েল বেংকৰ পৰা নগদ ধন আত্মসাৎ কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈছে।

লানে ১২.৫ বিলিয়ন ডলাৰ আত্মসাৎ কৰিছিল যদিও অভিযুক্তসকলে কয় যে এই কেলেংকাৰীৰ ফলত মুঠ লোকচান ২৭ বিলিয়ন ডলাৰ অৰ্থাৎ ২০২৩ চনৰ ভিয়েটনামৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬%।

এই গোচৰত লানৰ উপৰি উৎকোচ, ক্ষমতাৰ অপব্যৱহাৰ, আত্মসাৎ আৰু বেংকিং আইন উলংঘা আদি অভিযোগত আন ৮৫ জন লোকৰ বিৰুদ্ধেও ৰায়দান দিয়া হৈছে।

উল্লেখ্য যে, এনে এটা গোচৰত মৃত্যুদণ্ড নিশ্চিতভাৱে কঠোৰ শাস্তি। ইয়াক ভিয়েটনামত দুৰ্নীতিৰ বিৰুদ্ধে চলি থকা ৰাষ্ট্ৰীয় অভিযানৰ অংশ হিচাপে বিবেচিত হৈছে। এই অভিযানত ব্যৱসায়িক জগতৰ বহু বিষয়া আৰু লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.