ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন; ৬ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু
হাৰিয়ানাৰ নাৰনৌলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। স্কুলীয়া শিক্ষাৰ্থীৰে ভৰা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৬ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ১৫টি শিশু গুৰুতৰভাৱে আহত হয়।
নাৰনৌলৰ কীনিনাৰ উনহানী গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জিলা শিক্ষা বিষয়াই জানিব দিয়ে। দুৰ্ঘটনাটোত পতিত হোৱা বাছখনত জি এল পাব্লিক স্কুলৰ শিক্ষাৰ্থী আছিল।
জানিব পৰা মতে বাছখনৰ চালকজনে মদ্যপান কৰি গাড়ীখন চলোৱাৰ ফলতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ফিটনেছ চাৰ্টিফিকেট অবিহনেই গাড়ীখনে স্কুলীয়া শিক্ষাৰ্থী কঢ়িয়াই থকাৰো অভিযোগ উত্থাপন হৈছে।
আনহাতে ঈদৰ দিনা বিদ্যালয় বন্ধ থকাৰ পিছতো কিয় এই বিদ্যালয়খন খোলা আছিল তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
এই শোকাৱহ দুৰ্ঘটনাটোৰ পিছত ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীয়ে বাছ চালক, বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যে দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনত ৩৫-৪০ জন শিক্ষাৰ্থী আছিল। এই সকলোবোৰ শিক্ষাৰ্থী চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীত অধ্যয়নৰত আছিল।