ISHAN NEWS – Always One Step Ahead of Time…

গেৰুৱা ৰঙলৈ সলনি দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং; অসন্তুষ্ট বিৰোধী

0 86

ভাৰতীয় আৱেগ জৰিত হৈ থকা ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে নিজৰ ঐতিহাসিক ল’গ’ৰ ৰং ৰঙাৰ পৰা গেৰুৱালৈ সলনি কৰিছে। আজি ডিডি নিউজৰ তৰফৰ পৰা তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে নতুন ল’গ’টো মুকলি কৰে।

টুইটটোত কোৱা হৈছে, ‘অৱশ্যে আমাৰ মূল্যবোধ একেই আছে, আমি এতিয়া নতুন অৱতাৰত উপলব্ধ।’

টুইটটোত লগতে উল্লেখ কৰে যে পূৰ্বে কেতিয়াও নেদেখা বাতৰিৰ যাত্ৰাৰ বাবে সাজু হওক… অভিজ্ঞতা লাভ কৰক সম্পূৰ্ণ নতুন ডিডি নিউজ।

হঠাতে ডিডি নিউজে নিজৰ ল’গ’ৰ ৰং সলনি কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জৱাহৰ সৰকাৰে।

তেওঁ এই ল’গ’ পৰিৱৰ্তনক সমালোচনা কৰি এক্সযোগে শ্বেয়াৰ কৰা এটা ভিডিঅ’ প’ষ্টত কয় যে নিৰ্বাচনৰ পূৰ্বে দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং গেৰুৱাকৰণ কৰা কাৰ্যই আঘাত হানিছে।

এতিয়াৰে পৰা ই প্ৰসাৰ ভাৰতী নহয়, প্ৰচাৰ ভাৰতী বুলিও কটাক্ষ কৰে প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জৱাহৰ সৰকাৰে।

ইফালে কংগ্ৰেছৰ শীৰ্ষ নেতা মনীষ তিৱাৰীয়ে অভিযোগ উত্থাপন কৰে যে দূৰদৰ্শনৰ ল’গ’ৰ ৰং সলনি কৰাটো চৰকাৰী প্ৰতিষ্ঠানক দখল কৰাৰ বাবে চৰকাৰৰ প্ৰয়াস।

উল্লেখ্য যে ইউ পি এ চৰকাৰৰ দিনত ২০১২ চনৰ পৰা ২০১৪ চনলৈ মনীষ তিৱাৰী কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আছিল।

Leave A Reply

Your email address will not be published.