ৰাজস্থানৰ ঝালাৱাৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগত অহা এখন ট্ৰলীয়ে নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী এখন ভ্যানত খুন্দা মৰাত ৯ জন লোকৰ মৃত্যু হয়।
বিবাহ অনুষ্ঠানৰ পৰা উভতি অহা ভ্যানখনত আছিল ১০জন লোক। ইয়াৰে ৯ জন লোকৰ মৃত্যু হয়। এই পথ দুৰ্ঘটনা সংঘটিত হৈছে আকলেৰাৰ সমীপৰ পাঞ্চোলা গাঁৱত।
জানিব পৰা মতে, ভ্যানখনত আছিল বাগৰি সম্প্ৰদায়ৰ ১০ জন যুৱক, ইয়াৰে তিনিজনৰ থিতাতে মৃত্যু হয় আৰু ৬ জনৰ চিকিৎসালয়ত মৃত্যু হয়। এজন হাস্পতালত আছে যদিও অৱস্থা সংকটজনক বুলি কোৱা হৈছে।
ভেনখনত যাত্ৰা কৰা লোককেইজন মধ্যপ্ৰদেশৰ খিলচিপুৰৰ পৰা বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি আহি আছিল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰলী চালকজনে পলায়ন কৰিছিল যদিও পিছত আৰক্ষীয়ে কৰায়ত্ত কৰি জিম্মাত লয়। ট্ৰলীখনৰ গতিবেগ অত্যন্ত বেছি আছিল, যাৰ বাবে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ট্ৰলী চালকজনক জেৰা আৰম্ভ কৰিছে। ট্ৰলীখন হাৰিয়ানা নম্বৰৰ বুলি জানিব পৰা গৈছে।
ইফালে পৰিয়ালৰ সদস্য আহি পোৱাৰ পিছতহে মৃত লোকসকলৰ চিনাক্ত কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে।