চৰকাৰৰ বিৰোধী আন্দোলনলৈ সমৰ্থন কৰা বাবেই কণ্ঠশিল্পীক মৃত্যুদণ্ড!
চৰকাৰৰ বিৰোধী আন্দোলনলৈ সমৰ্থন কৰা বাবেই এগৰাকী কণ্ঠশিল্পীক বিহা হৈছে মৃত্যুদণ্ড। এই ঘটনা সংঘটিত হৈছে ইৰাণত। চৰকাৰ বিৰোধী আন্দোলনলৈ সমৰ্থন আগবঢ়োৱা বাবেই ৰেপাৰ তুমজ ছালেহিক মৃত্যুদণ্ড বিহা হৈছে। ২০২২ চনত আৰক্ষীৰ জিম্মাত মহছা অমীনিৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইৰাণৰ বিভিন্ন প্ৰান্তত শ শ লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
কণ্ঠশিল্পী তুমজ ছালেহিয়েও নিজৰ গীতেৰে এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছিল। আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ অভিযোগত ছালেহিক প্ৰথমবাৰৰ বাবে ২০২২ চনৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হয়। বিগত বৰ্ষৰ জুলাইত শিল্পীগৰাকীক কাৰাদণ্ড বিহা হয়। আদালতত বিচাৰ চলি থকা অৱস্থাত শিল্পীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভ্ৰষ্টাচাৰ, চৰকাৰবিৰোধী প্ৰপাগাণ্ডা আৰু হিংসা বিয়পোৱাৰ অভিযোগ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি মৃত্যুদণ্ডৰ পৰা ৰক্ষা পাবৰ বাবে আৱেদন কৰিবলৈ ২০দিনৰ সময় লাভ কৰিব তুমজ ছালেহিয়ে।