ISHAN NEWS – Always One Step Ahead of Time…

সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডী ব্ৰাৰক গুলীয়াই হত্যা!

0 184

পাঞ্জাবী গায়ক তথা ৰাজনীতিবিদ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডী ব্ৰাৰক আমেৰিকাত হত্যা কৰা হৈছে বুলি বৃহত দাবী কৰিছে দেশখনৰ সংবাদ মাধ্যমে। আমেৰিকান নিউজ চেনেলৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত গুলীয়াই হত্যা কৰা হৈছে গেংষ্টাৰজনক।

উল্লেখ্য যে, গেংষ্টাৰ সতীন্দৰজিৎ সিং ওৰফে গোল্ডী ব্ৰাৰক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যেই সন্ত্ৰাসবাদী বুলি ঘোষণা কৰি থৈছে। বিখ্যাত পাঞ্জাবী গায়িকা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব লোৱাৰ পিছৰে পৰা শিৰোণাম দখল কৰিছিল ব্ৰাৰে।

১৯৯৪ চনৰ ১১ এপ্ৰিলত শ্বমশ্বেৰ সিং আৰু প্ৰীতপাল কৌৰৰ ঘৰত জন্মগ্ৰহণ কৰিছিল গোল্ডী ব্ৰাৰে। গোল্ডী ব্ৰাৰৰ পিতৃয়ে আৰক্ষীত কাম কৰিছিল।

ৰাজনীতিবিদক ভয়-ভাবুকি, ধন দাবী কৰাৰ লগতে কেইবাটাও হত্যাকাণ্ডৰ দায়িত্ব লোৱাৰ অভিযোগত গোল্ডী ব্ৰাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।

গোল্ডী ব্ৰাৰৰ সম্পৰ্কীয় ভাতৃ গুৰলাল ব্ৰাৰৰ হত্যাৰ পিছতে গোল্ডীয়ে অপৰাধৰ পথ বাছি লৈ বহু গেংষ্টাৰৰ সংস্পৰ্শলৈ আহিবলৈ আৰম্ভ কৰে। কানাডাৰ ব্ৰেম্পটনত বাস কৰা গোল্ডী খালিস্তানী সন্ত্ৰাসবাদী সংগঠন বাবজাৰৰ সৈতে জড়িত আছিল।

কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি শ্বাৰ্প শ্বুটাৰ যোগান ধৰাৰ উপৰি ব্ৰাৰে সীমান্তৰ সিপাৰৰ পৰা গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী সৰবৰাহৰ লগতে হত্যাকাণ্ড সংঘটিত কৰিবলৈ প্ৰয়োজনীয় সকলো সামগ্ৰী যোগান ধৰা কাৰ্যতো জড়িত আছিল।

ফ্ৰান্সৰ ইন্টাৰপল মহাসচিবালয়ে ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰিছিল। ২০২২ চনৰ ১৫ জুনত তেওঁৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰো জাৰি কৰা হৈছিল। ইয়াৰ পিছত ২০২২ চনৰ ১২ ডিচেম্বৰত গোল্ডী ব্ৰাৰৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰা হয়।

Leave A Reply

Your email address will not be published.