উপ ৰাজ্যপালৰ নিৰ্দেশত মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক অপসাৰণ
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দিল্লী মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক অপসাৰণ কৰা হৈছে। দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই এই নিৰ্দেশ প্ৰদান কৰিছে।
অভিযোগ অনুসৰি দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে নিয়মৰ বিৰুদ্ধে গৈ অনুমতি অবিহনে এইসকলক নিযুক্তি প্ৰদান কৰিছিল। ২০১৭ চনত উপ ৰাজ্যপালক দাখিল কৰা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই কৰ্মচাৰীসকলক দিল্লী মহিলা আয়োগৰ পৰা অপসাৰণ কৰাৰ আঁৰৰ কাৰণ বুলি কোৱা হৈছে যে ডিচিডব্লিউৰ অধ্যক্ষ স্বাতী মালিৱালে বিত্ত বিভাগ বা দিল্লী উপ ৰাজ্যপালৰ অনুমোদন অবিহনে এই কৰ্মচাৰীসকলক নিযুক্তি দিছিল।
দিল্লী মহিলা আয়োগৰ অধ্যক্ষৰ হাতত ঠিকাভিত্তিক নিযুক্তি দিয়াৰ কোনো ক্ষমতা নাছিল। আইন অনুসৰি দিল্লী মহিলা আয়োগৰ অধীনত মাত্ৰ ৪০ জনকহে নিযুক্তি দিয়াৰ অনুমোদন আছে।
নিযুক্তিৰ পূৰ্বে প্ৰয়োজনীয় পদৰ সঠিক সংখ্যা জানিবলৈ কোনো মূল্যায়ন কৰা হোৱা নাছিল বুলিও অভিযোগ উত্থাপন হৈছে।
স্বাতী মালিৱালে টুইটাৰত লিখিছে, ‘উপ ৰাজ্যপালে দিল্লী মহিলা আয়োগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীক অপসাৰণ কৰিবলৈ টোগলকী নিৰ্দেশনা জাৰি কৰিছে। আজি মহিলা আয়োগত মুঠ ৯০ জন কৰ্মচাৰী আছে, ইয়াৰে মাত্ৰ ৮ জনকহে চৰকাৰে নিযুক্তি দিয়ে, বাকী কেইজন তিনি মাহৰ চুক্তিত আছে। সকলো ঠিকাভিত্তিক কৰ্মচাৰীক আঁতৰাই দিলে মহিলা আয়োগত তলা লাগিব। এইসকল লোকে কিয় এনে কৰিছে? এই সংগঠনটো তেজ আৰু ঘামেৰে গঢ় লৈ উঠিছে। মই জীয়াই থকালৈকে মহিলা আয়োগ বন্ধ হ’বলৈ নিদিওঁ। মোক জেলত ভৰাই দিয়ক, নাৰীক অত্যাচাৰ নকৰিব!”
উল্লেখ্য যে, ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পিছতে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে ২০২৪ চনৰ জানুৱাৰী মাহত পদৰ পৰা পদত্যাগ কৰিছিল। ২০১৫ চনত আম আদমী পাৰ্টীৰ চৰকাৰে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল স্বাতী মালিৱালক।