ISHAN NEWS – Always One Step Ahead of Time…

ইছলাম ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ কোৰাণক লৈ পুনৰ ডাঙৰ সিদ্ধান্ত ছুইডেনৰ

0 157

ছুইডেনৰ কৰ্তৃপক্ষই পুনৰবাৰ মুছলমানৰ পবিত্ৰ গ্ৰন্থ কোৰাণ জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে। তুৰ্কীৰ চৰকাৰী সংবাদ সংস্থা আনাডোলুৱে এই তথ্য প্ৰকাশ কৰাৰ পিছৰে পৰা মুছলমান প্ৰধান দেশসমূহত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

আনাডোলুৰ মতে, দক্ষিণ ছুইডেনৰ মালমো আৰক্ষীয়ে কোৰাণ জ্বলোৱাৰ অনুমতি প্ৰদান কৰিছে। তথ্য অনুসৰি, শুকুৰবাৰে চহৰখনৰ গুস্তাভছ এডলফছ টৰ্গ চৌহদত কোৰাণ জ্বলোৱা হ’ব।

ইউৰোভিছন সপ্তাহৰ সংগীত প্ৰতিযোগিতাৰ সময়ছোৱাতে কোৰাণ জ্বলোৱাৰ অনুমতি প্ৰদান কৰা কাৰ্য যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব বুলি আৰক্ষীৰ কমাণ্ডিং অফিচাৰ পেৰ ইয়ংষ্ট্ৰমে কয়।

ছুইডেনৰ সংবাদ মাধ্যমৰ মতে, এই বিক্ষোভৰ আয়োজকসকলে ইয়াৰ পূৰ্বেও এই কাম কৰিছিল। ছুইডেনৰ কোৰাণ জ্বলোৱাৰ ইতিহাস বহু পুৰণি। ইয়াৰ উপৰি শনিবাৰে কোৰাণ জ্বলোৱাৰ আন এক কাৰ্যসূচী আয়োজন কৰাৰ আবেদন লাভ কৰিছে আৰক্ষীয়ে।

ইয়াৰ পূৰ্বেও ছুইডেনত কোৰাণ জ্বলোৱাৰ ঘটনা সংঘটিত হৈছে, যাৰ বাবে বহু মুছলমান দেশ আৰু ছুইডেনৰ মাজত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল।

উল্লেখ্য যে, ২০২৩ চনৰ জুন মাহত ছালৱান মমিকা নামৰ এজন ব্যক্তিয়ে কোৰান জ্বলাইছিল, যিটো ঘটনাক সমগ্ৰ বিশ্বই গৰিহণা দিছিল।

Leave A Reply

Your email address will not be published.