বকোৰ লামপাৰাত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু টয়’টা ইটিঅচ ক্ৰ’চৰ মুখামুখি সংঘৰ্ষত শিশু-মহিলাসহ ৭ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰ ভট্টাচাৰ্যক ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আন আঘাতপ্ৰাপ্তসকলক বকো চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে।
ইতিমধ্যে ঘটনাস্থলত বকো আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
টয়’টা বাহনখনৰ একমাত্ৰ আৰোহী আছিল ভাস্কৰ ভট্টাচাৰ্য। ভাস্কৰ ভট্টাচাৰ্যৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত টয়’টা ইটিঅচ ক্ৰ’চৰ নম্বৰ AS01 DQ 4781। যাত্ৰীবাহী বাছখনৰ নম্বৰ AS01 GC 6366।