ISHAN NEWS – Always One Step Ahead of Time…

আন এক বিপদ! কেজৰিৱাল আৰু AAPৰ বিৰুদ্ধে অভিযোগনামা দাখিল ইডিৰ

0 165

দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগত আম আদমি পাৰ্টি আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰিছে অভিযোগনামা। ইডিয়ে ৰাউজ এভিনিউ আদালতত দাখিল কৰা পৰিপূৰক অভিযোগনামাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে তেওঁৰ দলকো অভিযুক্ত বুলি উল্লেখ কৰিছে।

আম আদমী পাৰ্টিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিছত দলীয় কৰ্মকৰ্তাসকলৰ মাজত সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। দলৰ আহ্বায়ক হোৱাৰ বাবে অৰবিন্দ কেজৰিৱালৰ সমস্যা আৰু অধিক বৃদ্ধি পাব।

ইডিয়ে উচ্চতম ন্যায়ালয়ক জনোৱা মতে, হাৱালা অপাৰেটৰ আৰু কেজৰিৱালৰ মাজত ধনৰ বিনিময় হোৱাৰ তথ্য তথা প্ৰমাণ আছে। তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে কেজৰিৱালে যেতিয়া তেওঁৰ ফোন আৰু অন্যান্য ডিভাইচৰ পাছৱৰ্ড দিবলৈ অস্বীকাৰ কৰিছিল তেতিয়া হাৱালা অপাৰেটৰৰ ডিভাইচৰ পৰা তথ্য উদ্ধাৰ কৰা হৈছিল।

উল্লেখ্য যে, দিল্লী সুৰা নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১ জুনলৈকে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। অৱশ্যে এই সময়ছোৱাত তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু দিল্লী সচিবালয়লৈ যাব নোৱাৰিব। ২ জুনত কেজৰিৱালক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দি থৈছে আদালতে।

কেজৰিৱালে ১০০ কোটি টকাৰ উৎকোচ বিচৰাৰ পৰ্যাপ্ত প্ৰমাণ তদন্তকাৰী সংস্থাটোৰ হাতত আছে বুলি দাবী কৰাৰ লগতে সেই ধন গোৱা নিৰ্বাচনী প্ৰচাৰত আম আদমী পাৰ্টিয়ে ব্যৱহাৰ কৰা বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.