ISHAN NEWS – Always One Step Ahead of Time…

ট্ৰাক আৰু অটো ৰিক্সাৰ ভয়ংকৰ সংঘৰ্ষ; দুজনৰ মৃত্যু, ৮ জন আহত

0 204

ছত্তীশগড়ৰ যশপুৰ জিলাত এখন ট্ৰাক আৰু অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮ জন লোক আহত হৈছে। মঙলবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

জিলাখনৰ বাগিচা আৰক্ষী থানা এলেকাত নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, এখন বিয়াৰ অভ্যৰ্থনাৰ কাম-কাজ সামৰি অটোৰিক্সাৰে দুমাৰতোলি গাঁওস্থিত নিজ ঘৰলৈ আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, তহচিল চ’কৰ সমীপত এখন ট্ৰাকে এখন অটোৰিক্সাত খুন্দা মৰাৰ ফলত অটোৰিক্সাত থকা ছোটু (১১) আৰু দীপেশ নাগেশ (১৪)ৰ মৃত্যু হোৱাৰ লগতে আন ৮ জন আহত হয়।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ ভিতৰত পাঁচজনক অম্বিকাপুৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে আন তিনিজন বাগিচা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষী বিষয়াসকলে জনোৱা মতে, এই ঘটনাৰ পিছতে ট্ৰাক চালকজনে গাড়ীখন ঘটনাস্থলতে এৰি পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনৰ তালাচী অব্যাহত ৰাখিছে।

আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.