ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনী জনসভাৰ সময়তে ভাঙি পৰিল মঞ্চ; এটি শিশুসহ ৯ জন লোকৰ মৃত্যু

0 172

লেটিন আমেৰিকাৰ দেশ মেক্সিকোত ২ জুনত ৰাষ্ট্ৰপতি পদৰ বাবে অনুষ্ঠিত হ’ব ভোটদান। কিন্তু ইয়াৰ মাজতে দেশখনত সংঘটিত এক দুৰ্ঘটনাত এটি শিশুকে ধৰি কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

জানিব পৰা মতে, বুধবাৰে (২২ মে’) উত্তৰ মেক্সিকোত অনুষ্ঠিত হোৱা নিৰ্বাচনী জনসভাৰ সময়ত অহা প্ৰচণ্ড ধুমুহা-বতাহৰ ফলত এখন মঞ্চ ভাঙি পৰাত গুৰুতৰভাৱে আহত হৈছিল প্ৰায় অৰ্ধশতাধিক লোক।

আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰে ৯ জনৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক এতিয়াও চিকিসাধীন হৈ আছে।

মেক্সিকোত সংঘটিত এই দুৰ্ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় যে তেওঁলোকৰ প্ৰিয় নেতাক চাবলৈ হাজাৰ হাজাৰ লোক গোট খাইছিল।

সেই সময়তে অহা প্ৰচণ্ড বতাহৰ বাবে মঞ্চখন ভাঙি যায় আৰু একে সময়তে ওপৰৰ পৰা এখন বিশাল হোৰ্ডিং বাগৰি পৰাত তাৰ তলত বহু লোক আৱদ্ধ হৈ পৰে। এই ঘটনাৰ সময়ত মঞ্চত আছিল ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জৰ্জ আলভাৰেজ মেনেজ আৰু তেওঁৰ নাগৰিক আন্দোলন দলৰ সদস্যসকল।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এইদৰে লিখিছে গৱৰ্ণৰ গাৰ্চিয়াই, ‘মই এই কথা জনাবলৈ পাই অতি দুঃখিত যে এই দুৰ্ঘটনাত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা আঠজন প্ৰাপ্তবয়স্ক আৰু এজন নাবালক।‘

Leave A Reply

Your email address will not be published.