ভয়ংকৰ বিস্ফোৰণৰ পিছতেই জ্বলি উঠিল কাৰখানা; ৪ জনৰ মৃত্যু, ২৫ গৰাকী আহত
মুম্বাইৰ থানেস্থিত এটা কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। এই ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৫ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।
বৃহস্পতিবাৰে থানেৰ ডম্বিভলিৰ এটা কাৰখানাত সংঘটিত বিস্ফোৰণৰ পিছতেই হোৱা অগ্নিকাণ্ডৰ বাবে বহু লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
ঘটনাস্থলত উপস্থিত হোৱা শীৰ্ষ বিষয়াই জনোৱা অনুসৰি, এম আই ডি চি ফেজ ২ত অৱস্থিত ৰাসায়নিক কাৰখানাৰ ভিতৰত বয়লাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়।
এই বৃহৎ বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জনতকৈ অধিক লোক আহত হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কাৰখানাটোত তিনিটাকৈ বিস্ফোৰণৰ শব্দ শুনা গৈছে।
ইফালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীয়ে কয় যে বিস্ফোৰণ পিছত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত কমেও ৮ জন লোকক উদ্ধাৰ কৰা হৈছে। আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
কাৰখানাটোৰ ভিতৰত আৰু অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু যাৰ বাবে ঘটনাস্থলত সাজু কৰি থোৱা হৈছে কেইবাখনো এম্বুলেঞ্চ।
জানিব পৰা অনুসৰি, ১০ ৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। জুই নুমুৱাবলৈ প্ৰায় চাৰিঘণ্টা সময়ৰ প্ৰয়োজন হ’ব বুলি অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনায়। দুপৰীয়া প্ৰায় ১.৩০ বজাত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছিল।