মোবাইলত কথা পাতি থাকোতেই ঘটিল বিস্ফোৰণ; কৰুণ মৃত্যু অসম আৰক্ষীৰ জোৱানৰ
দৈনন্দিন জীৱনত এৰাব নোৱাৰা অংগ হিচাপে ব্যৱহাৰ কৰি অহা মোবাইল ফোনটোৱে হৈ পৰিল এজন জোৱানৰ মৃত্যুৰ কাৰণ। মোবাইলৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ এজন জোৱানে।
বৃহস্পতিবাৰে নিশা সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক আঁকোৱালি লোৱা জোৱানজনক কামাণ্ডো অমৰজোতি টাইড বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি, নিশা মোবাইল চার্জত লগাই কথা পাতি থাকোতেই বৃহৎ শব্দ কৰি বিস্ফোৰণ হয় মোবাইলটো আৰু লগে লগে মৃত্যু ঘটে অমৰজ্যোতিৰ।
হাইলাকান্দিত কৰ্মৰত কামাণ্ডো অমৰজ্যোতিয়ে মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল।
নিহত অমৰজ্যোতিৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌ লাইবিলত বুলি জানিব পৰা গৈছে। লাইবিলৰ বাসিন্দা স্বৰ্গীয় পুষ্প টাইড আৰু নাতেৰ টাইডৰ সন্তান অমৰজ্যোতি টাইড।
অতি সৰবৰহী যুৱকৰূপে পৰিচত অমৰজ্যোতিৰ অঁকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলবাসীৰ মাজত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।
সম্প্ৰতি শিলচৰ মেডিকেল কলেজ হাস্পতালত অমৰজ্যোতিৰ মৃতদেহ ৰখা হৈছে বুলি জানিব পৰা গৈছে।