ISHAN NEWS – Always One Step Ahead of Time…

ৰেমালৰ প্ৰভাৱ! ভূমিস্খলনৰ ফলত ১৫ জন লোকৰ মৃত্যু; এতিয়াও আৱদ্ধ বহু লোক

0 379

মঙলবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ একাধিক স্থানত হোৱা ভূমিস্খলনত অতি কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এটা শিলৰ কুৱেৰী ভাঙি পৰাৰ ফলত একেলগে ১১ জন লোকৰ মৃত্যু হয়।

তথ্য অনুসৰি ‘ৰেমাল’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে।

ভূমিস্খলনৰ ফলত বহু লোক আৱদ্ধ হৈ আছে আৰু লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে বুলি বিষয়াসকলে জানিব দিয়ে।

এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে উদ্ধাৰ অভিযান চলোৱাত কিছু পৰিমানে বাধাৰ সৃষ্টি হৈছে’।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ আৰু প্ৰধান পথসমব বন্ধ কৰি দিয়া বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

হন্থৰত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত ভূমিস্খলনৰ বাবে দেশৰ বাকী প্ৰান্তৰ সৈতে আইজলৰ সম্পৰ্ক বন্ধ হৈ পৰিছে।

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই জনোৱা মতে, পুৱা ১১.১৫ বজালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জন। ইয়াৰে ১১টা মৃতদেহ আইজল জিলাৰ মেলথাম আৰু হ্লিমেনৰ মাজত থকা শিল কুৱেৰীত ভূমিস্খলন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে।

লালডুহোমাই লগতে কয় যে আৰু অধিক মৃতদেহ এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

আন এটা ভূমিস্খলন স্থানৰ পৰা আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে তৃতীয় স্থানৰ পৰা আন এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনাই যে ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ পৰিয়াল তথা আত্মীয়লৈ ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব।

ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো বিদ্যালয়, বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ লগতে চৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে।

Leave A Reply

Your email address will not be published.