ISHAN NEWS – Always One Step Ahead of Time…

সাংসদ পুত্ৰৰ কনভয়ৰ খুন্দাত মৃত্যু দুজন লোকৰ; এগৰাকী মহিলা আহত

0 218

উত্তৰ প্ৰদেশৰ কেশৰগঞ্জৰ বৰ্তমানৰ সাংসদ ব্রীজভূষণ চৰণ সিঙৰ পুত্ৰ কৰণ সিঙৰ কনভয়ৰ বাহনে এখন বাইকক খুন্দিওৱাৰ ফলত দুজন লোকৰ মৃত্যু আৰু এগৰাকী মহিলা আহত হোৱাৰ খবৰ পোৱা গৈছে।

তথ্য অনুসৰি কৰণ ভূষণৰ কনভয় গোণ্ডাৰ কৰ্ণেলগঞ্জ-হুজুৰপুৰ পথেৰে পাৰ হৈ গৈ থকা অৱস্থাত কনভয়ৰ এখন ফৰ্চুনাৰ গাড়ীয়ে বাইকখনত খুন্দা মাৰে। এই দুৰ্ঘটনা সংঘটিত হয় কৰ্ণেলগঞ্জ কোতৱালি অঞ্চলৰ ছটাই পূৰৱৰ সমীপত।

ইতিমধ্যে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ যায়।

উল্লেখ্য যে এইবাৰ বিজেপিয়ে ব্ৰীজভূষণ চৰণ সিঙৰ টিকট বাতিল কৰি কেশৰগঞ্জৰ পৰা তেওঁৰ পুত্ৰ কৰণ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰণ সিঙে নিজৰ কনভয় লৈ হুজুৰপুৰলৈ গৈ থকা অৱস্থাত তেওঁৰ কনভয়ৰ ফৰ্চুনাৰ গাড়ীখনে অভাৰটেক কৰিব লওতেই দুজন বাইক আৰোহীক খুন্দা মাৰে।

এই ভয়াবহ দুৰ্ঘটনাত দুয়োজন বাইক আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। মহিলাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ উপৰি মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.