ISHAN NEWS – Always One Step Ahead of Time…

দেশলৈ ঘূৰি অহাৰ পূৰ্বেই আদালতৰ কাষ চাপিল সাংসদ প্ৰজ্বল ৰেভান্না

0 681

কৰ্ণাটকৰ হাছনৰ পৰা জেডি(এছ)ৰ সাংসদ প্ৰজ্বল ৰেভান্নাই ছেছন ক’ৰ্টত অন্তৱৰ্তীকালীন জামিন আবেদন দাখিল কৰিছে। ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।


৩১ মে’ত বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সন্মুখত হাজিৰ হ’ব বুলি কৰা ঘোষণাৰ পিছতেই এই কথা পোহৰলৈ হিছে। সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা যৌন শোষণৰ এই গোচৰটো তদন্ত কৰি আছে এছ আই টিয়ে।
এটা কানাড়া টিভি চেনেলত প্ৰচাৰিত এক ভিডিঅ’ বিবৃতিত প্ৰজ্বল ৰেভান্নাই কৈছিল, ‘মই ব্যক্তিগতভাৱে ৩১ মে’, শুকুৰবাৰে পুৱা ১০ বজাত তদন্তত সহযোগিতা আৰু এইবোৰৰ উত্তৰ দিবলৈ এছ আই টিৰ সন্মুখত হাজিৰ হ’ম। ন্যায়ালয়ৰ প্ৰতি মোৰ বিশ্বাস আছে যে আদালতৰ জৰিয়তে মিছা গোচৰত মই নিৰ্দোষী বুলি প্ৰমাণিত হ’ম।‘
কানাড়া ভাষাত প্ৰকাশ পোৱা এক ভিডিঅ’ বিবৃতিত তেওঁ কৈছিল, ‘ভগৱান, জনসাধাৰণ আৰু মোৰ পৰিয়ালৰ আশীৰ্বাদ মোৰ ওপৰত থাকক। ৩১ মে’ শুকুৰবাৰে মই নিশ্চিতভাৱে এছ আই টিৰ সন্মুখত হাজিৰ হ’ম।


তেওঁ লগতে তেওঁৰ পিতৃ-মাতৃ, ককাক এইচ ডি দেৱেগৌড়া, খুড়াক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী, ৰাজ্যবাসীৰ লগতে দলীয় কৰ্মী সকলৰ ওচৰত ক্ষমা বিচাৰিছে।
উল্লেখ্য যে, নিৰ্বাচনৰ মাজতে অশ্লীল ভিডিঅ’ কাণ্ড পোহৰলৈ অহাত দেশ এৰি পলায়ন কৰিছিল ৰেভান্নাই। ইয়াৰ পাছতেই কৰ্ণাটক চৰকাৰে ৰেভান্নাক স্বদেশলৈ ঘূৰাই আনিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।


আনকি তেওঁৰ পাছপ’ৰ্ট বাতিলৰ বাবেও আবেদন কৰা হৈছিল। কিন্তু তাৰ পাছতো ৰেভান্নাক আটক কৰিবলৈ সক্ষম হোৱা নাছিল কৰ্ণাটক চৰকাৰ।
প্ৰজ্বল ৰেভান্নাই হাছান লোকসভা সমষ্টিৰ বাবে হোৱা ভোটদানৰ এদিন পিছত অৰ্থাত ২৭ এপ্ৰিলত জাৰ্মানীলৈ উৰা মাৰিছিল।


সাংসদ-বিধায়কৰ বিৰুদ্ধে গোচৰৰ শুনানিৰ বাবে গঠন কৰা এখন বিশেষ আদালতে এছ আই টিয়ে আবেদন দাখিল কৰাৰ পিছত ১৮ মে’ত প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।

Leave A Reply

Your email address will not be published.