ISHAN NEWS – Always One Step Ahead of Time…

গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষৰ মালা আৰু কপালত তিলক…… ধ্যানত মগ্ন প্ৰধানমন্ত্ৰীৰ কেইখনমান ফটো

0 143

গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষ মালা আৰু কপালত তিলক… বিখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া দীঘলীয়া ধ্যান-ধাৰণাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছু ছবি পোহৰলৈ আহিছে।

বৃহস্পতিবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ধ্যান-ধাৰণা আৰম্ভ কৰে। এই ছবিসমূহত প্ৰধানমন্ত্ৰী মোদীয়ে সূৰ্য্যক প্ৰাৰ্থনা কৰা, মন্দিৰৰ চাৰিওফালে ঘূৰি থকা আৰু ধ্যান ভংগীমাত বহি থকা দেখা গৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে সূৰ্য্য প্ৰণাম কৰাৰ দৃশ্য।

সূৰ্য অস্ত যোৱাৰ মূহুৰ্ত উপভোগ কৰা সময়ত প্ৰধানমন্ত্ৰী মোদী।

মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ সময়ত।

ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী মোদী

উল্লেখ্য যে এই স্মৃতিসৌধত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। স্বামী বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এই স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হোৱাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ গুহাত এইধৰণৰ ধ্যানত বহিছিল।

স্মৰ্তব্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে হেলিকপ্টাৰেৰে তিৰুৱনন্তপুৰমত উপস্থিত হৈ ভগৱতী আম্মান মন্দিৰত পূজা-অৰ্চনা কৰি নাওেৰে ৰক মেম’ৰিয়েলত উপস্থিত হৈ ধ্যান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ১ জুনলৈকে বহিব ধ্যানত।

Leave A Reply

Your email address will not be published.