ISHAN NEWS – Always One Step Ahead of Time…

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুইজজু; আৰু কোন কোন দেশৰ মুৰব্বী থাকিব উপস্থিত?

0 178

লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২৯২ খন আসনত জয় লাভ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৯ জুন অৰ্থাত দেওবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰী পৰিষদে শপত ল’ব।

শুকুৰবাৰে অনুষ্ঠিত হোৱা এন ডি এৰ সংসদীয় দলৰ বৈঠকত নৰেন্দ্ৰ মোদীক নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

ইয়াৰ পিছতে মোদীয়ে কছিল, ‘এন ডি এৰ সহকৰ্মীসকলে মোক এই দায়িত্বৰ বাবে পুনৰবাৰ পচন্দ কৰিছে আৰু ৰাষ্ট্ৰপতিক এই বিষয়ে অৱগত কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে মোক শপত গ্ৰহণ অনুষ্ঠান আৰু মন্ত্ৰী পৰিষদৰ সদস্যৰ তালিকাৰ বাবে আমন্ত্ৰণ জনাইছিল।‘

৯ জুনৰ সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত কেইবাখনো দেশৰ মুৰব্বীক আমন্ত্ৰণ জনোৱা হৈছে। বিদেশ মন্ত্ৰালয়ে জনোৱা অনুসৰি এই অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমাসিংঘে, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টোবগে, ছেইচেল্লেছৰ উপ-ৰাষ্ট্ৰপতি আহমদ আফিফ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ‘প্ৰচণ্ড’, মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক আমন্ত্ৰণ জনোৱা হৈছে।

এই আটাইকেইখন দেশৰ মুৰব্বী নেতাসকলে এই আমন্ত্ৰণ গ্ৰহণ কৰি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিতি প্ৰদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বিবৃতি অনুসৰি ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিদেশী নেতাসকলৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৈশ আহাৰৰ ব্যৱস্থা কৰিছে।  

Leave A Reply

Your email address will not be published.